মেদবহুলতা কমোৱাৰ কিছুমান চমৎকাৰী ঘৰুৱা উপায়

71941372

★ৰাতিপুৱা ৩০ ৰ পৰা ৪০ মিনিট খোজ কাঢ়া আৰম্ভ কৰক ।প্ৰথমে কম দূৰত্বত লাহে লাহে খোজ কাঢ়ি পাছলৈ খৰকৈ কাঢ়িলে আপুনি আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে ।

★পানীৰ সেৱন কৰিও ওজন হ্ৰাস কৰিব পাৰি। পানীয়ে দেহৰ বৰ্জ পদাৰ্থ সমূহ বাহিৰ কৰাত সহায় কৰে।
আমাৰ দেহৰ ৭০% পানীৰে ভৰি থাকে। অতিৰিক্ত পানী সেৱনে দেহৰ চৰ্বি কমোৱাত সহায় কৰে। সেয়ে যিমান পাৰে সিমান পানী সেৱন কৰিব লাগে। পৰাপক্ষত কুহুমীয়া পানী খাব লাগে।

★ গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাত বহুত সহায় কৰে সেইয়া আমি প্ৰায় সকলোৱে জানো । কিন্তু গ্ৰীণ টি খুৱাৰ বিধি সমূহ সঠিক হব লাগে । গ্ৰীণ টি সেৱন কৰোতে কেতিয়াও চেনী দিব নালাগে । গ্ৰীণ টি পুৱা খালি পেটত খাব লাগে তেতিয়া বেছি ফল দিয়া দেখা যায়।

★ চেনী ৰ ব্যৱহাৰ কমাই কৰা । চেনী আৰু চেনীৰে বনুৱা খাদ্য ত্যাগ কৰিলে মেদবহুলতা অতি সোনকালে ফল পোৱা দেখা যায় । চেনি আৰু মিঠাই এইবিলাক এনেও আমাৰ দেহৰ বাবে অনিষ্টকাৰী।

★ময়দা জাতীয় সামগ্ৰী ত্যাগ কৰিলেও মেদবহুলতা ৰ পৰা সোনকালে পৰিত্ৰাণ পাব পাৰি।

★মিঠা জাতীয় শীতল পানিয় খোৱাৰ পৰা বিৰত থাকিব লাগে । এনে ধৰণৰ পানীয়ই মেদবহুলতা হোৱাত বহুত অৰিহণা যোগায় ।

★নেহৰুৰ সেৱন কৰিও শৰীৰৰ চৰ্বি কমাব পাৰি।

Exit mobile version