ইমৰানে লাভ কৰা উপহাৰৰ তালিকা প্ৰকাশৰ নিৰ্দেশ আদালতৰ

প্রধানমন্ত্রী পদৰ পৰা অব্যাহতি লােৱাৰ পাছতে ইমৰান খানৰ বিৰুদ্ধে একাধিক দুর্নীতিৰ অভিযােগ উত্থাপিত হৈছে। এইসমূহ অভিযােগৰ অন্যতম হৈছে বিদেশী অতিথিয়ে প্রদান কৰা উপহাৰ ইমৰানে বিক্রী কৰিছিল।

পাকিস্তানৰ বৰ্তমানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফে দাবী কৰা অনুসৰি বিদেশী অতিথিৰ পৰা লাভ কৰা উপহাৰ সামগ্রী বিক্ৰী কৰি ইমৰানে ১৪ কোটি টকা আত্মসাৎ কৰিছিল।

এইবাৰ এই অভিযােগ গােচৰত ইমৰানৰ শাসনত পাকিস্তানে লাভ কৰা উপহাৰ সামগ্ৰীৰ তালিকা প্রকাশ কৰাৰ নির্দেশ দিলে ইছলামাবাদ উচ্চ ন্যায়ালয়ে।

এই সন্দৰ্ভত শেহতীয়াকৈ আদালতে পাকিস্তানৰ চৰকাৰক নির্দেশ দি বিগত প্রায় চাৰি বছৰত অতিথিৰ পৰা ইমৰানে লাভ কৰা উপহাৰ সামগ্ৰীৰ সবিশেষ প্রকাশ কৰিবলৈ ক’লে।

Exit mobile version