দুদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰে ভাৰতলৈ আহিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন (Boris Johnson) ব্ৰিটিছ হাই কমিছনে আগতে জনাইছিল যে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ স’তে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰা।
এই উদ্দেশ্যৰে তেওঁ আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) সাক্ষাৎ কৰে। মোদীৰ উপৰিও বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও অংশ গ্ৰহণ কৰে।
দুয়োখন দেশৰ মাজত কেবাটাও বাণিজ্যিক চুক্তিও স্বাক্ষৰিত হৈছে। মোদীয়ে কয়, “আজাদী কা অমৃত মহোৎসৱৰ মাজত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ এক ঐতিহাসিক ঘটনা।” ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ব্ৰিটেইনৰ সহযোগত ভাৰতত যুঁজাৰু বিমান নিৰ্মাণ কৰা হ’ব।
ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীন আৰু নিৰপেক্ষ বৈদেশিক নীতি হৈছে ভাৰতৰ পৰিচয়। ” আজিৰ বৈঠকত মুখ্যতঃ সামৰিক সহযোগিতা, পৰিৱেশ সুৰক্ষাৰ বিষয় আৰু প্ৰশান্ত মহাসাগৰত স্বাধীনত আৰু মুক্ত বাণিজ্যৰ পৰিস্থিতি বজাই ৰখাৰ বিষয়ে আলোচনা কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “যোৱা বছৰে আমি এক কৌশলগত বন্ধুত্বপূৰ্ণ কাম আৰম্ভ কৰিছোঁ। দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্যৰ বিষয়েও আলোচনা কৰা হৈছে। “
প্ৰসংগত, বৰিছ জনছনে বিচাৰে যে দিপাৱলীৰ আগতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি তৈয়াৰ কৰা হওক । ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কোনো কূটনৈতিক সমস্যা থাকিব নালাগে বুলিও দুয়োখন দেশে আলোচনা কৰে।