অসম-মেঘালয় সীমান্তৰ মকৈলুমত কাৰ্বি ছাত্ৰ সন্থাৰ সীমান্ত সুৰক্ষাৰ গণ সমাবেশ

অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰ সম্পন্ন হোৱা “গিভ এণ্ড টেক পলিচী’ৰ” বিৰোধিতাত আজি কাৰ্বি ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ প্ৰতিবাদেৰে মকৈলুমত সীমান্ত সুৰক্ষাৰ বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে ৷ বিশাল গণ সমাবেশেৰে ছাত্ৰ সংগঠনটোৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কাৰ্বি ভূমিৰ ব্লক-১ আৰু ব্লক-২ৰ পৰা এক ইঞ্চি ভূমিও মেঘালয়ক হস্তান্তৰ কৰিব নোৱাৰে বুলি হাতে- হাতে পষ্টাৰ, প্লে কাৰ্ড আৰু বেনাৰ লৈ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ADVERTISEMENT

ইপিনে, ১৯৫১ৰ ১৩ এপ্ৰিলত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্ধাৰিত সীমাই সুৰক্ষিত সীমা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে ৷ ইয়াৰোপৰি ছাত্ৰ সংগঠনটোৱে যদিহে ‘গিভ এণ্ড টেক পলিচী’ৰ আধাৰত অসমৰ কাৰ্বি ভূমিক মেঘালয় ৰাজ্যলৈ হস্তান্তৰ কৰে তেনেহ’লে ইয়াতকৈ আৰু অধিকৰূপত জংগি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অসম চৰকাৰক ছাত্ৰ সংগঠনটোৱে ৷

ইতিমধ্যে বিষয় সন্দৰ্ভত প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ।

Exit mobile version