শালবাৰীৰ জ্ঞাতিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

তীব্ৰ বেগী ওৱেগনাৰৰ খুন্দাত গুৰুতৰভাৱে আহত ৫০ বছৰীয়া বৃদ্ধা

WhatsApp Image 2022 04 23 at 7.01.52 PM 1

বাগসা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জ্ঞাতিগাঁৱত আজি ৰাতিপুৱাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মানাহ ৰাষ্ট্ৰীয় উদ্যান অভিমুখী তীব্র বেগী ওৱেগনাৰৰ প্ৰচণ্ড খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ৫০ বছৰীয়া বৃদ্ধা ।

দুৰ্ঘটনা সংঘটি কৰা ওৱেগনাৰখনৰ নম্বৰ AS- 01ED2389 । দুৰ্ঘটনাত আহত বৃদ্ধাগৰাকীক স্থানীয় ৰাইজে ততাতৈয়াকৈ শালবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । আহত বৃদ্ধাগৰাকী জ্ঞাতিগাঁৱৰ চম্পা ৰয় (৫০) ।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ওৱেগনাৰখন বাঁহবাৰী আৰক্ষীৰ জিম্মাত আছে ।

Exit mobile version