Electric Scooter : ইলেকট্রিক স্কুটাৰৰ বেটাৰী বিস্ফোৰণ হৈ অন্ধ্রপ্ৰদেশত মৃত এজন, গুৰুতৰভাৱে আহত পত্নী-সন্তান

death

অন্ধ্রপ্রদেশৰ বিজয়ৱাৰাত বেটাৰীচালিত স্কুটাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত শিৱকুমাৰ । গুৰুতৰভাৱে আহত তেওঁৰ পত্নী হৰথী । তেওঁৰ দুই সন্তানো আহত হৈছে ।

আৰক্ষী সূত্রে খবৰ, শুকুৰবাৰে স্কুটাৰটো কিনিছিল ৪০ বছৰৰ শিৱকুমাৰে । নিশা প্ৰায় ১০ বজাত স্কুটাৰটো চার্জত লগাই সন্তানৰ স’তে ফুৰিবলৈ ওলাই যায় তেওঁৰ পত্নী । শোৱনি কোঠাতেই স্কুটাৰটো আছিল । শনিবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত হঠাৎ বিস্ফোৰণ ঘটে স্কুটাৰটোত । সেই সময়ত পৰিয়ালৰ সকলোৱে শুই আছিল ।

বিস্ফোৰণৰ অভিকেন্দ্ৰ ইমানেই অধিক আছিল যে দাও দাওকৈ ঘৰত জুই বিয়পি পৰে । লগতে বিষাক্ত ধোঁৱা নিৰ্গত হয় । অগ্নিদগ্ধ আৰু উশাহ বন্ধ হৈ মৃত্যু হয় শিৱকুমাৰৰ । তেওঁ পত্নী আৰু দুই সন্তানো অগ্নিদগ্ধ হয় । আৰক্ষীয়ে জনাইছে, তিনিজনৰ শৰীৰৰ ৩০ শতাংশ পুৰি গৈছে । শৰীৰত বিষাক্ত ধোঁৱা সোমোৱাত তেওঁলোকৰ অৱস্থা সংকটজনক । উন্নত চিকিৎসাৰ বাবে তিনিওকে বেচৰকাৰী হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছে ।

কিছুদিন আগতেই তেলেংগানাৰ নিজামাবাদত ইলেকট্রিক স্কুটাৰৰ বেটাৰী বিস্ফোৰণ ঘটি মৃত্যু হৈছিল এজন বৃদ্ধৰ । তাৰ কিছুদিনৰ ভিতৰতেই পুনৰ আৰু এজনৰ মৃত্যুত ইলেকট্রিক স্কুটাৰৰ মানক লৈ প্রশ্ন উত্থাপিত হৈছে ।

দেশত ইখনৰ পাছত সিখন ইলেকট্রিক স্কুটাৰ অগ্নি সংযোগ হোৱাত, বেটাৰীত বিস্ফোৰণৰ দৰে ঘটনা ঘটিছে । দেশত ইলেকট্রিক যানবাহনক লৈ পৰীক্ষা-নিৰীক্ষা চলি থকাৰ সময়তে এনে ঘটনাত উদ্বেগ প্রকাশ কৰিছে কেন্দ্রীয় পৰিবহণ মন্ত্রী নিতিন গডকড়ীৰে । তেওঁ সংশ্লিষ্ট গাড়ী সংস্থাবোৰক উদ্দেশ্যি সতর্কবার্তাও দিছে । লগতে সকীয়নি দিছে, চৰকাৰে ইলেকট্রিক যানবাহনৰ গুণমানৰ বিষয়ত যি নির্দেশনা জাৰি কৰিছে, কোনো সংস্থাই যদি সেই নির্দেশনা উলংঘা কৰে তেনেহ’লে তেওঁলোকক মোটা অংকৰ জৰিমানা বিহা হ’ব আৰু ত্রুটিপূর্ণ সকলো গাড়ী ঘূৰাই লোৱাৰ নির্দেশ দিয়া হ’ব ।

Exit mobile version