Ola electric scooters : দুর্ঘটনা ৰোধ কৰিবলৈ প্রায় ১৪০০ বেটাৰী চালিত স্কুটাৰ ঘূৰাই ল’ব অ’লাই

appscooter611743c3911e3

কোনো যান্ত্রিক বিসংগতি আছে নেকি পৰ্যবেক্ষণ কৰিবৰ বাবে অ’লা সংস্থাই মুঠ এহেজাৰ ৪৪১টা ইলেকট্রিক স্কুটাৰ উভতাই নিব বুলি জনাইছে । ইলেকট্রিক স্কুটাৰত যান্ত্রিক ত্রুটি থকাৰ বাবে জুই লাগিছে, এনে ঘটনা যাতে পৰৱর্তীকালত নঘটে, সেয়ে এই সিদ্ধান্ত লোৱা হৈছে ।

ADVERTISEMENT

২৬ মার্চত পুণেত যি দুর্ঘটনা ঘটিছিল, তাৰ প্রাথমিক তদন্ত চলাইছে সংস্থাটোৱে । যিবোৰ স্কুটাৰ ঘূৰাই লৈ যোৱা হৈছে, সেইবোৰৰ পৰীক্ষা কৰা হ’ব ।

অ’লা সংস্থাৰ সেৱা কর্মচাৰীসকলে ইলেকট্রিক স্কুটাৰৰ বেটাৰীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সুৰক্ষাজনিত বিষয় লক্ষ্য কৰিব ।

অ’লাৰ উপৰি অন্যান্য সংস্থায়ো পৰীক্ষাৰ সিদ্ধান্ত লৈছে । পাঁচ হেজাৰ বেটাৰী চালিত যানৰ পৰীক্ষা কৰা হ’ব ।

Exit mobile version