কাপোৰ খুলিবলৈ কোৱা হৈছিল ! মাত্ৰ ছ’বছৰ বয়সতে ভয়ংকৰ অভিজ্ঞতা কংগণাৰ

lock upp kangana ranaut reveals details of traumatic sxual abuse she faced as a child he used to call us ask us to strip down our clothes 001

মাত্ৰ ছয় বছৰ বয়সতে যৌন নিৰ্যাতন কৰা হৈছিল। অল্ট বালাজীৰ ৰিয়েলিটি শ্ব’ লক আপত এই কথা জনালে কংগনা ৰাণৌৱটে ।

অনুষ্ঠানটোৰ প্ৰতিযোগী মুনৱাৰ ফাৰুকীয়ে অনুষ্ঠানটোত তেওঁৰ যৌন নিৰ্যাতনৰ বিষয়ে জনাইছিল । তাৰ পাছতে, শৈশৱৰ এক তিক্ত স্মৃতিকথা বৰ্ণনা কৰিলে অভিনেত্ৰীগৰাকীয়ে।

সাত ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৰিয়েলিটি শ্ব’ ‘লক আপ’ । অনুষ্ঠানটোৰ অন্যতম প্ৰতিযোগী কৌতুক অভিনেতা মুনাৱাৰ ফাৰুকুই। জাজমেন্ট দে স্পেচিয়েল খণ্ডৰ সময়ত, সহ-প্ৰতিযোগী চাইশাই শিন্দেক বচাবলৈ নিজৰ বিষয়ে এক অজ্ঞাত তথ্য তেওঁ শ্বেয়াৰ কৰিছিল।

তেওঁ কয় যে তেওঁক সৰুতে আত্মীয়ৰ পৰা যৌন নিৰ্যাতন হৈছিল । এই নিৰ্যাতন প্ৰায় পাঁচ বছৰ ধৰি চলিছিল। ঘৰৰ কাৰো ওচৰত এই বিষয়ে এতিয়ালৈকে একো ক’ব পৰা নাই। অৱশ্যে, জনপ্ৰিয় কৌতুক অভিনেতাজনে অনুষ্ঠানটোত সকলোৰে সন্মুখত এই সত্যটো প্ৰকাশ কৰে।

তেওঁৰ কথা শুনি কংগণাইও তেওঁৰ শৈশৱৰ বিষয়ে জনালে । অভিনেত্ৰীগৰাকীয়ে জনাই যে তেওঁ মাত্ৰ ছয় বছৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হৈছিল। তেওঁ আনকি তেওঁৰ স’তে কি চলি আছিল সেইয়া গমেই পোৱা নাছিল ।

কংগণাৰ মতে, তেওঁৰ চুবুৰীয়াত এগৰাকী কিশোৰী আছিল। তেওঁ কংগণাতকৈ অলপ ডাঙৰ। তেওঁ অশালীন আচৰণ কৰি আছিল। তেওঁ আনকি ছয় বছৰীয়া কংগণাক কাপোৰ খুলিবলৈও বাধ্য কৰিছিল।

কংগনাই জনায় যে বহুতো মানুহৰ এনে অভিজ্ঞতা আছে। বিশেষকৈ শিশুসকল। তেওঁলোকে অনুভৱ নকৰে যে তেওঁলোকক যৌন নিৰ্যাতন কৰা হৈছে। যদিও তেওঁলোকে পাছত এই কথা বুজি পাই, তথাপিও বহুলোকে ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰে ।

নিজৰ প্ৰিয়জনক তেওঁলোকৰ দুখৰ কাহিনী ক’ব নোৱাৰে। কংগণাই এনেদৰে মুনৱাৰক ৰাজহুৱাভাৱে যৌন নিৰ্যাতনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ বাবে প্ৰশংসা কৰে ।লগতে এনে ঘটনাৰ বিৰুদ্ধেও মাত মাতি যাব বুলি ক’লে অভিনেত্ৰীগৰাকীয়ে ।

Exit mobile version