সংক্ৰমণৰ নিৰিখত দেশত ভিতৰত শীৰ্ষত দিল্লী, কৰ’নাৰ সন্দৰ্ভত বুধবাৰে বৈঠকত বহিব মোদী

একেৰাহে ছয় দিন ধৰি , দৈনিক কৰ’না আক্ৰান্ত সংখ্যা দু’হেজাৰৰ অধিক। দেওবাৰে, দৈনিক আক্ৰান্তৰ সংখ্যা আছিল দুই হেজাৰ ৫৯৩।

সোমবাৰে, ই সামান্য হ্ৰাস হৈ ২,৫৪১ হ’ল। কেন্দ্ৰৰ ক’ভিড বুলেটিন অনুসৰি, দৈনিক সংক্ৰমণৰ হাৰ ০.৮৪ শতাংশলৈ বৃদ্ধি হৈছে। সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৬হেজাৰ ৫২২ জন। যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৩০। সুস্থ হৈ উঠিছে ১,৮৬২

সমগ্ৰ দেশতে মুঠ ১৮৭ কোটি ৭১ লাখ ৯৫ হেজাৰ ৭৮১ টা টিকাকৰণ কৰা হৈছে। দেশত কৰ’না সংক্ৰমণৰ শীৰ্ষত আছে দিল্লী (১,০৮৩) । ইয়াৰ পাছত আছে হাৰিয়ানা (৪১৭), কেৰালা (২৮১) আৰু উত্তৰ প্ৰদেশ (২১২)।

চিকিৎসকসকলে টিকাকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ কৈছে। তেওঁলোকে কৈছিল যে মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক। আনকি শাৰীৰিক দূৰত্বৰ নিয়ম অনুসৰণ কৰিবলৈও নিৰ্দেশ দিছে বিশেষজ্ঞই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ স’তে বৈঠকত মিলিত হ’ব আৰু এই পৰিস্থিতিত কৰ’নাৰ স’তে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে আলোচনা কৰিব।

Exit mobile version