তিনি মাহত তিনিজন মুখ্য ন্যায়াধীশ নিযুক্ত হ’ব দেশৰ উচ্চতম ন্যায়ালয়ত

full

১৯৯১ বৰ্ষত ভাৰতত প্ৰথমবাৰৰ বাবে এবছৰতে উচ্চতম ন্যায়ালয়ে তিনিজন মুখ্য ন্যায়াধীশ লাভ কৰিছিল। এই ঘটনাৰে পুনৰাবৃত্তি ঘটিব ২০২২ বৰ্ষত। মাত্র ৭৬ দিনৰ ব্যৱধানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত নিযুক্ত হ’ব তিনিজন ব্যক্তি।

বর্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ বাদেও চলিত বৰ্ষতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত কৰ্মৰত হ’ব উদয় ইউ ললিত আৰু ধনঞ্জয় ৱাই চন্দ্রচূড়। বর্তমানৰ মুখ্য ন্যায়াধীশ ৰামানাই ১৬ মাহ কৰ্মৰত হােৱাৰ পাছত অহা ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।

ৰামানাৰ পাছত এই পদত অধিষ্ঠিত হ’ব উদয় ইউ ললিত। ললিতে আঠ নৱেম্বৰত অৱসৰ ল’ব। ললিতৰ অৱসৰৰ পাছত মুখ্য ন্যায়াধীশৰ পদত নিযুক্তি লাভ কৰিব পাৰে ধনঞ্জয় ৱাই চন্দ্রচূড়ে। চন্দ্রচূড় নিযুক্ত হলে উক্ত পদত দুবছৰ কার্যনির্বাহ কৰিব।

অর্থাৎ অহা ২৬ আগষ্টৰ পৰা মাত্র ৭৬ দিনৰ ব্যৱধানত দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব তিনিজন ব্যক্তি। ইয়াৰ পূর্বে ১৯৯১ত ভাৰতত তিনিজন ব্যক্তি মুখ্য ন্যায়াধীশৰ পদত নিযুক্ত হৈছিল।

Exit mobile version