Russia-Ukraine War : জার্মানীৰ ৪০ জন কূটনীতিক আৰু দূতাবাসকর্মীক বহিষ্কাৰ কৰি ‘প্ৰত্যুত্তৰ’ ৰাছিয়াৰ

1650974701 putin

ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত ৰাছিয়াৰ স’তে পশ্চিমীয়া জগতৰ কূটনৈতিক অস্থিৰতা ক্রমশ তীব্র হৈছে । বুচাত গণহত্যাৰ প্রতিবাদত কিছু সপ্তাহ আগতে ৪০ জন ৰুছ কূটনীতিক আৰু দূতাবাসকর্মীক বহিষ্কাৰ কৰিছিল জার্মানীয়ে । বার্লিনৰ এই পদক্ষেপৰ প্রতিক্রিয়াত সোমবাৰে ৪০ জন জার্মান কূটনীতিক আৰু দূতাবাসকর্মীক বহিষ্কাৰ কৰিছে মস্কোৱে ।

ৰুছ বৈদেশিক দপ্তৰৰ তৰফৰ পৰা বিবৃতিতত কোৱা হৈছে, জার্মানীৰ ‘অবন্ধুত্বপূর্ণ সিদ্ধান্ত’ৰ প্ৰত্যুত্তৰতেই এই পদক্ষেপ লোৱা হৈছে । জার্মান কূটনীতিক বহিষ্কাৰৰ ফলত পশ্চিম ইউৰোপৰ দেশসমূহৰ স’তে ৰাছিয়াত সংঘাত আৰু বাঢ়িব পাৰে বুলি কূটনৈতিক মহলৰ একাংশ‌ই সন্দেহ কৰিছে ।

জার্মান বৈদেশিক মন্ত্রী আন্নালেনা বায়েৰবখে মঙলবাৰে ভ্লাদিমিৰ পুটিন চৰকাৰৰ এই পদক্ষেপৰ নিন্দা কৰে । তেওঁ কয়, ‘‘মস্কোৱে যে এই ধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰিব, সেয়া আমাৰ ধাৰণাত আছিল । এই সিদ্ধান্ত কোনো কাৰণতেই সমর্থনযোগ্য নহয় । ৰাছিয়াই যিসকল কূটনীতিকক বহিষ্কাৰ কৰিছে, তেওঁলোকে কোনো অপৰাধ কৰা নাই ।’’

Exit mobile version