পেট্র’পণ্যত ভেটো নকমোৱা ৰাজ্যবাসীৰ স’তে অন্যায় : প্ৰধানমন্ত্ৰী মোদী

PM Modi CM meeting1

কোনো কটু কথা নহয় । স্পষ্ট আক্রমণাত্মক মেজাজ নহয় । তৎসত্ত্বেও সকলো ৰাজ্যৰ মুখ্যমন্ত্রীসকলক বৈঠকত পেট্র’ল-ডিজেলৰ দাম সন্দৰ্ভত পশ্চিম বংগসহ বিৰোধী শাসিত ৰাজ্যসমূহক কটাক্ষ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । প্ৰধানমন্ত্ৰীয়ে কয় নৱেম্বৰত যেতিয়া কেন্দ্র‌ই পেট্র’ল-ডিজেলৰ এক্সাইজ ডিউটি কমাইছিল সেই সময়ত যিসমূহ ৰাজ্য‌ই ভেটো কমোৱা নাছিল তেওঁলোকে নিজৰ নাগৰিকসকলৰ স’তে অন্যায় কৰিছে । প্রধানমন্ত্রীৰ অনুৰোধ, ছমাহ আগতে যিসমূহ ৰাজ্য‌ই কমোৱা নাছিল, সেইসমূহ ৰাজ্য‌ই যেন এতিয়া পেট্র’ল-ডিজেলৰ ভেটো কমায় ।

কৰ’না (Coronavirus) পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ প্রধানমন্ত্রী মোদীয়ে আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ স’তে এই সন্দৰ্ভত বৈঠকত মিলিত হয় । বৈঠকত প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রীসকলক উদ্দেশ্যি কয়, “কৰ’নাৰ এই বিশ্বজনীন সংকট মোকাবিলাত, কেন্দ্র আৰু ৰাজ্যৰ সমন্বয় আগতকৈ অধিক প্রয়োজনীয় । আজিৰ কঠিন পৰিস্থিতিত আর্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রতো কেন্দ্র আৰু ৰাজ্যৰ মাজত ক’অপাৰেটিভ ফেডাৰেলিজমৰ ভাবনা বজায় ৰাখিব লাগিব ।

উদাহৰণস্বৰূপে ক’ব পাৰি যে পেট্র’ল-ডিজেলৰ দাম নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে এক্সাইজ ডিউটি কমাইছে । লগতে ৰাজ্যসমূহৰ চৰকাৰকো আমি অনুৰোধ কৰিছিলো তেওঁলোকেও যেন কৰ কমায় । কিছু কিছু ৰাজ্য‌ই ভাৰত চৰকাৰৰ সেই ভাবনাৰ স’তে সামঞ্জস্য ৰাখি কৰ কমোৱাৰ সিদ্ধান্ত লৈছে । কিন্তু একই কিছু কিছু ৰাজ্য‌ই নিজৰ নাগৰিকসকলক সুবিধা দিয়াৰ চেষ্টা কৰা নাই । এইটো কেৱল এই ৰাজ্যসমূহৰ নাগৰিকসকলৰ স’তে অন্যায় নহয়, কাষৰ ৰাজ্যসমূহৰ মানুহৰ স’তেও অন্যায় ।”

ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগ (West Bengal), মহাৰাষ্ট্র, কেৰালা, তেলেংগানাৰ দৰে বিৰোধী শাসিত ৰাজ্যসমূহক অনুৰোধ কৰে, “ম‌ই নৱেম্বৰত কৈছিলো, সকলো ৰাজ্য‌ই মোৰ কথা মনা নাই । ম‌ই কাৰো সমালোচনা কৰা নাই । যিকোনো কাৰণতেই হ‌ওক তেতিয়া আপোনালোকে কৰিব পৰা নাই । আপোনালোকে ভেটোৰ বাবদ এই ছমাহত যি ৰাজস্ব তুলিছে, সেয়া আপোনালোকৰ ৰাজ্যৰ কামতেই লাগিব । কেৱল অনুৰোধ কৰিছো, আপোনালোকে ছমাহ আগতে যিটো কৰিব নোৱাৰিলে, সেইটো এতিয়া কৰক । আপোনালোকৰ নিজৰ ৰাজ্যবাসীৰ স্বার্থত কৰক ।”

Exit mobile version