Bird Flu : প্রথমবাৰ চীনত মানৱদেহত বার্ড ফ্লু-ৰ আন এক প্রজাতিৰ সংক্রমণ

chickens1

মানৱদেহত এভিয়ান ফ্লু-ৰ এইচ৩এন৮ প্রজাতিৰ প্রথম সংক্রমণ ধৰা পৰিল চীনত । আক্রান্ত হৈছে চাৰি বছৰীয়া এটি শিশু । যদিও চীনৰ স্বাস্থ্য মন্ত্রণালয়ে দাবী কৰিছে, এই ভাইৰাছৰ সংক্রমণ দ্রুত বিয়পি পৰাৰ শংকা বহু পৰিমাণে কম ।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিছনে মঙলবাৰে জনাইছে, মধ্য হেনান প্রদেশত চাৰি বছৰৰ এটি শিশু জ্বৰত আক্রান্ত হয় । শাৰীৰিক পৰীক্ষাৰ পাছত জানিব পাৰি যে, শিশুটি এভিয়ান ফ্লু-ত আক্রান্ত । জ্বৰ আৰু অন্যান্য উপসর্গ থকাত তাইক হাস্পাতালত ভর্তি কৰোৱা হয় ।

এক বিবৃতিত স্বাস্থ্য কমিছনে জনাইছে, শিশুটিৰ ঘৰত মুৰ্গি আউ হাঁহৰ ফাৰ্ম আছে । তাৰ পৰাই প্ৰত্যক্ষ সংক্রমণ হৈছে বুলি সন্দেহ কৰা হৈছে । অৱশ্যে ফ্লু-ৰ এই প্রজাতিৰ দ্রুত সংক্রমণৰ দৃষ্টান্ত নাই বুলি দাবী কৰিছে স্বাস্থ্য কমিছনে ।

স্বাস্থ্য কমিছনৰ পৰামর্শ, নাগৰিকসকল যেন মৃত আৰু অসুস্থ চৰাইৰ কাষত নাযায় । যদি কোনো ধৰণৰ উপসর্গ ধৰা পৰে তেনেহ’লে দ্রুত চিকিৎসাৰ ব্যৱস্থা কৰাব লাগিব । বার্ড ফ্লু সাধাৰণতে চৰাই আৰু হাঁহ বা মুৰ্গিৰ হয় । মানৱদেহত এই ফ্লু-ৰ সংক্রমণৰ ঘটনা খুবেই বিৰল ।

২০০২-ত উত্তৰ আমেৰিকাত এই প্রজাতিৰ সংক্রমণ ধৰা পৰে বনৰীয়া হাঁহৰ দেহত । ঘোৰা, কুকুৰ আৰু ছিল মাছৰ দেহতো এই ভাইৰাছৰ সন্ধান পোৱা যায় । ২০১২-ত আমেৰিকাৰ উত্তৰ-পূৱ উপকূলত ১৬০টা ছিল মাছৰ মৃত্যু হৈছিল । সেই সময়ত দাবী কৰা হয়, এইচ৩এন৮-ৰ সংক্রমণতেই মৃত্যু হয় ছিল মাছবোৰৰ ।

১৯৯৭ আৰু ২০১৩ত বার্ড ফ্লু-ৰ দুটা প্রজাতি এইচ৫এন১ আৰু এইচ৭এন৯ৰ সংক্রমণ হৈছিল ।

Exit mobile version