কেন্দ্রীয় বিদ্যালয়ত নামভৰ্তিৰ বয়স বান্ধি দিলে উচ্চতম ন্যায়ালয়ে

school 309241295

এতিয়াৰে পৰা দেশৰ কেন্দ্রীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীত শিক্ষাৰ্থীৰ নামভৰ্তি কৰিবলৈ হ’লে প্ৰাৰ্থীৰ বয়স ছবছৰ হ’ব লাগিব।

কেন্দ্রীয় বিদ্যালয় প্রতিষ্ঠানে প্রথম শ্রেণীত নামভৰ্তিৰ বয়স পাঁচৰ পৰা ছবছৰৰ অন্তৱৰ্তী ৰাখিবলৈ ন্যায়ালয়ত আবেদন জনাইছিল যদিও উচ্চতম ন্যায়ালয়ে এই আবেদন প্রত্যাখ্যান কৰিলে।

ন্যায়াধীশ এছ কে কাউলৰ বিচাৰপীঠে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বয়স ছবছৰ হ’ব লাগিব। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ স’তে সামঞ্জস্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

Exit mobile version