ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰিলে আমেৰিকাক প্ৰত্যুত্তৰ দিব পুটিনে

16465541835140

দুমাহৰ অধিক ধৰি অব্যাহত আছে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ । এই যুদ্ধৰ আৰম্ভণিৰে পৰা বিশ্বত তৃতীয় মহাযুদ্ধ আৰম্ভ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে । এই আশংকাক আকৌ এবাৰ সত্য হ’ব পাৰে বুলি বাৰ্তা দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে । ৰুছ ৰাষ্ট্ৰপতিয়ে স্পষ্টভাৱে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযানত আন কোনো দেশে হস্তক্ষেপ কৰিলে মুহূৰ্ততে প্ৰত্যুত্তৰ দিব ৰাছিয়াই ।

পুটিনে মূলতঃ আমেৰিকাক লক্ষ্য হিচাপে লৈ এইদৰে সকীয়নি দিয়ে, ‘যদি কোনো দেশে ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিত হস্তক্ষেপ কৰিবলৈ আহে, তেন্তে সেয়া সহজভাৱে লোৱা নহ’ব । কৌশলগত ক্ষেত্ৰত ৰাছিয়াৰ বাবে কোনো বাধাৰ সৃষ্টি কৰিলে আমি তৎকালীনভাৱে ইয়াৰ উত্তৰ দিম । প্ৰয়োজনত অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈকো ৰাছিয়াই থমকি নৰ’ব । আমাৰ হাতত যিসমূহ অস্ত্ৰ আছে, আন দেশৰ হাতত নাই । সকলোৱে জানি থ‌ওক যে অস্ত্ৰভাণ্ডাৰক লৈ আমাৰ স’তে সংঘাতত লিপ্ত নহ’ব ঋণ প্ৰয়োজনত আমি যিকোনো অস্ত্ৰ ব্যৱহাৰ কৰিম ।’

উল্লেখ্য যে ইউক্ৰেইনলৈ প্ৰত্যক্ষভাৱে কোনো দেশে সেনা প্ৰেৰণ কৰা নাই, কিন্তু ইউক্ৰেইনক বিশ্বৰ কে’বাখনো দেশে অস্ত্ৰ সাহায্য আগবঢ়াইছে । এইসমূহ দেশৰ মাজত আমেৰিকাও আছে । পুটিনে আমেৰিকাৰ নাম নোলোৱাকৈ এইদৰে ইউক্ৰেইন প্ৰসংগত বিশ্বক পুনৰ সকীয়নি দিলে ।

Exit mobile version