৪০টা অঞ্চলৰ নাম পৰিৱৰ্তন কৰিব দিল্লী বিজেপিয়ে !

hotel tara palace

বিগত কে’বা বছৰ ধৰি মোদী (PM Modi), শ্বাহ (Amit Shah), যোগীৰ (Yogi Adityanath) নিৰ্দেশমৰ্মে দেশৰ বিভিন্ন অঞ্চল, বিশেষকৈ ইছলাম সংস্কৃতিৰ স’তে জড়িত নাম পৰিৱর্তনৰ ঘটনা সংঘটিত হৈছে । মুগলছৰাই ষ্টেচন, এলাহাবাদ, অযোধ্যাৰ নাম হৈছে দীনদয়াল উপাধ্যায়, প্রয়াগৰাজ আৰু অযোধ্যা ।

বুধবাৰে কার্যত দক্ষিণ দিল্লী পৌৰনিগম এলাকাৰ মহম্মদপুৰ গাঁৱৰ নাম পৰিৱৰ্তন কৰি মাধৱপুৰম কৰিছে স্থানীয় কাউন্সিলৰ, দিল্লী বিজেপি (BJP) সভাপতিয়ে । তাৰ পাছত তেওঁলোকৰ তালিকাত আছে আৰু ৪০খন গাঁও আৰু অঞ্চলৰ নাম ।

বৃহস্পতিবাৰে দিল্লীৰ (Delhi) মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক পত্ৰ লিখি এই অঞ্চলসমূহক ‘দাসত্বৰ প্রতীক’ৰ পৰা মুক্ত কৰাৰ দাবী কৰিছে দিল্লী বিজেপি সভাপতি আদেশ গুপ্তাই । এইবাৰ অৱশ্যে অত্যন্ত সুচাৰুভাৱে ব্যৱহাৰ কৰা হৈছে বিভিন্ন স্বাধীনতা সংগ্রামী আৰু দেশৰ অন্যান্য কৃতী ব্যক্তিসকলক । গুৰু গোবিন্দ সিং, বাল্মীকি, ৰবিদাসৰ পৰা আৰম্ভ কৰি লক্ষ্মীবাই, মংগল পাণ্ডে, মিলখা সিং, লতা মংগেশকৰ, কাৰ্গিলত ছহিদ কেপ্টেইন বিক্রম বাত্রাৰ নামত পৰিৱর্তন কৰিব বিচৰা হৈছে হাউজ খাছ, শ্বাহিবাবাদ, নজফগড়ৰ দৰে এলাকাৰ নাম ।

বিজেপিৰ দাবী, সম্প্রতি মহম্মদপুৰ গাঁৱৰ স্থানীয় কাউন্সিলৰে দক্ষিণ দিল্লী পৌৰনিগমক গাঁৱৰ নাম পৰিৱর্তনৰ প্রস্তাৱ দিছে । যি পাছ হৈ যোৱাত বুধবাৰে তেওঁলোকে চৰকাঈ নামফলকৰ ওপৰত নতুন ছাইনব’ৰ্ড লগাই দিয়ে । কিন্তু প্রশ্ন হ’ল, এনেদৰে গাঁও বা অঞ্চলৰ নাম পৰিৱর্তনৰ অধিকাৰ পৌৰনিগমক কোনে দিলে ? এই অধিকাৰ ৰাজ্যৰ আওতাভুক্ত ।

আদেশ গুপ্তাৰ দাবী, এটা বিশেষ সম্প্রদায়ক সন্তুষ্ট কৰিবলৈ নাম পৰিৱর্তনৰ প্রস্তাৱ পাছ হৈ গ’লেও কেজৰিৱাল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই । দিল্লীবাসীৰ দাবী আৰু চাহিদা মানি দাসত্বৰ প্রতীকৰ পৰা মুক্তি দিবলৈ তেওঁলোকে নিজে উদ্যোগী হৈ এই কাম কৰিছে ।

সামাজিক মাধ্যমত আকৌ এই প্রসংগত আৰম্ভ হৈছে নানা বক্তব্য । বিজেপিপন্থীসলে কৈছে, ইয়াৰ প্রয়োজন আছিল । কিন্তু অধিকাংশৰে বক্তব্য, ক্ষমতাত বিজেপি, তাত কি দুঃসাহসত কোনো এলাকাৰ নাম অ-হিন্দু হ’ব পাৰে ? বিশেষকৈ কোনো মুছলমান নাম ? কোনো সম্ভাৱনাই নাই । সেয়ে এনে হৈছে ।

Exit mobile version