India coal shortage : দেশজুৰি হঠাৎ কয়লাৰ নাটনি ! বিদ্যুৎ সংকটত একাধিক ৰাজ্য

373970 light

সম্প্ৰতি ভাৰতৰ বিভিন্ন অংশত লোডশ্বেডিঙে গ্রীষ্মক আৰু অসহনীয় কৰি তুলিছে । কয়লাৰ নাটনিত গভীৰ সংকটত দিল্লী চৰকাৰ । মেট্র’ ট্রেইন আৰু হাস্পাতালসহ ৰাজধানীৰ গুৰুত্বপূর্ণ অংশত নিৰৱচ্ছিন্ন বিদ্যুৎ সৰবৰাহত বিপত্তি বাঢ়িছে ।

বিদ্যুৎ মন্ত্রী সত্যেন্দ্র জৈনে পৰিস্থিতি মূল্যায়ন কৰিবৰ বাবে এটা জৰুৰী বৈঠক কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাজধানীত বিদ্যুৎ সৰবৰাহকাৰী বিদ্যুৎ কেন্দ্রবোৰত পর্যাপ্ত কয়লাৰ প্রাপ্যতা নিশ্চিত কৰিবৰ বাবে কেন্দ্রক অনুৰোধ কৰিছে । এটা চৰকাৰী বিবৃতিত কোৱা হৈছে, “দাদৰি-২ আৰু উনচাহাৰ পাৱাৰ ষ্টেচনৰ পৰা বিদ্যুৎ সৰবৰাহ বিঘ্নিত হোৱাৰ বাবে দিল্লী মেট্র’ আৰু দিল্লী চৰকাৰী হাস্পাতালসহ বহু প্রয়োজনীয় প্রতিষ্ঠানত ২৪ ঘন্টা বিদ্যুৎ সৰবৰাহত সমস্যা হ’ব পাৰে ।”

বর্তমান, দিল্লীত বিদ্যুতৰ চাহিদাৰ ২৫-৩০ শতাংশ এই বিদ্যুৎ কেন্দ্রবোৰৰ মাধ্যমত পূৰণ কৰা হৈছে আৰু কয়লাৰ নাটনিৰ সন্মুখীন হৈছে । তেওঁ কয়, চৰকাৰে পৰিস্থিতি নিবিড়ভাৱে পর্যৱেক্ষণ কৰিছে আৰু ৰাজধানীর কিছু অঞ্চলত যাতে মানুহে বিদ্যুৎ বিভ্রাটৰ সন্মুখীন নহয় তাৰ বাবে সম্ভাব্য সকলো ধৰণৰ প্রচেষ্টা চলাই গৈছে ।

মন্ত্রীৰ বক্তব্য, “এই বিদ্যুৎ কেন্দ্রবোৰে দিল্লীৰ কিছু অংশত ব্লেকআউট প্রতিৰোধত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু আসন্ন গ্রীষ্মৰ বতৰত দিল্লী মেট্র’ ৰেল কর্প’ৰেছন, হাস্পাতাল আৰু জনগণক অবিচ্ছিন্ন বিদ্যুৎ সৰবৰাহ নিশ্চিত কৰিবৰ বাবে অপৰিহার্য” ৷

নেচনেল পাৱাৰ প’র্টেলৰ দৈনিক কয়লা প্ৰতিবেদন অনুসৰি, দাদৰি-২, উনচাহাৰ, কাহালগাঁও, ফাৰাক্কা আৰু ঝাজ্জাৰ পাৱাৰ প্লান্টবোৰ কয়লাৰ তীব্র নাটনিৰ সন্মুখীন হৈছে । ই, প্রচণ্ড গ্রীষ্মৰ স’তে মিলি, দেশৰ বহু অংশত ব্লেকআউটৰ সূত্রপাত কৰিছে কাৰণ ৰাজ্যসমূহে বিদ্যুতৰ ৰেকর্ড চাহিদা পৰিচালনা কৰিবলৈ যুঁজ দিছে ।

ইয়াৰ উপৰি ঝাড়খণ্ড, বিহাৰ, মধ্যপ্রদেশ অঞ্চলত বিদ্যুতৰ নাটনি হোৱাৰ শংকা আছে ।

Exit mobile version