কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ সংখ্যা সামান্য কমিলেও এতিয়াও তিনি হেজাৰৰ উপৰতেই আছে । শনিবাৰে দৈনিক সংক্রমণৰ সংখ্যা আছিল ৩,৬৮৮ ।
যোৱা ২৪ ঘণ্টাত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা ৩,৩২৪ । দৈনিক সংক্রমণৰ হাৰো কমিছে । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ ০.৭১ শতাংশ । সুস্থতাৰ সংখ্যা ২,৮৭৬ জন ।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ সম্প্ৰতি কৰ’নামুক্ত । বর্তমান দেশত সক্রিয় ৰোগীৰ সংখ্যা ১৯ হেজাৰ ৯২ জন । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত ৪০ জনৰ মৃত্যু হৈছে ।
ইয়াৰ ভিতৰত দিল্লী আৰু মহাৰাষ্ট্রত এজন আৰু কৰ্ণাটকত দুজনৰ মৃত্যু হৈছে । বাকী ৩৬ জন লোকৰ মৃত্যু কেৰালাৰ, যি আগতে তালিকাভুক্ত কৰা হোৱা নাই ।
দেশজুৰি সংক্রমণৰ শীর্ষে আছে দিল্লী (১,৫২০) । তাৰ পাছতেই আছে হৰিয়ানা (৪৯০), কেৰালা (৩৩৭) আৰু উত্তৰ প্রদেশ (২৭৫) । সম্প্ৰতি ভাৰতত ১৮৯ কোটি ১৭ লাখ ৬৯ হেজাৰ ৩৪৬ টিকাকৰণ হৈছে ।