Patiala Clashes : দুদিন পাছত ধৰা পৰিল মূল অভিযুক্ত

পটিয়ালাৰ হিংসাত্মক ঘটনাৰ ২৫ জনক সন্ধান আৰক্ষীৰ

1037653 patiala clash barjinder singh parwana

পটিয়ালা গোষ্ঠী সংঘর্ষৰ ঘটনাত মূল অভিযুক্ত বৰজিন্দ্র সিং পৰৱানাক গ্রেপ্তাৰ কৰিলে আৰক্ষীয়ে । দেওবাৰে মোহালিৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছে । পঞ্জাৱ আৰক্ষীয়ে জনাইছে, বিগত সপ্তাহত হিংসাত্মক ঘটনাৰ অন্যতম মূল চক্রান্তকাৰী হ’ল বৰজিন্দ্র । তিনি দিনৰ মূৰত তেওঁক গ্রেপ্তাৰ কৰা হ’ল । দেওবাৰে তেওঁৰ এক সংগীকো আটক কৰিছে আৰক্ষীয়ে ।

শুকুৰবাৰে খালিস্তান-বিৰোধী সমদলক লৈ দুটা দলৰ মাজত সংঘর্ষ হয় পটিয়ালাত । শিল আৰু তৰোৱাল লৈ হিংসাত্মক পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকৰ মাজত । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যত গুলি চালনা কৰে আৰক্ষীয়ে । পটিয়ালাসহ এই অঞ্চলত বন্ধ ৰখা হৈছিল ইন্টাৰনেট আৰু এছএমএছ সেৱা ।

এই ঘটনাত কে’বাজনো লোক আহত হয় । হিংসাৰ সৃষ্টি কৰা আৰু আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ দোষত ২৫ জনক চিনাক্ত কৰে আৰক্ষীয়ে । তাৰ পাছৰ পৰা তেওঁলোকৰ সন্ধান চলায় আৰক্ষীয়ে ।

পটিয়ালাৰ নতুন আইজি মুখবিন্দ্র সিং ছিনাই জনায়, দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত অভিযান চলাই অশান্তিত সহায় কৰাসকলক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । দেওবাৰে প্রধান অভিযুক্ত বৰজিন্দ্র ধৰা পৰে । তেওঁক সোধপোচৰ বাবে জিম্মাত ৰখা হৈছে ।

আনহাতে, দেওবাৰে বৰজিন্দ্রৰ স’তে ধৰা পৰিছে হৰিশ শিংলা । যি ‘শিৱসেনা (বাল ঠাকৰে)’ দলৰ কার্যকৰী সভাপতি ।

Exit mobile version