এপ্ৰিলত দেশত জি এছ টি সংগ্ৰহৰ অভিলেখ : ১.৬৮ লাখ কোটি ৰাজহ সংগ্রহ

gst shutterstock

সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) সংগ্ৰহৰ ক্ষেত্ৰত আকৌ এবাৰ কেন্দ্ৰৰ চৰকাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলত দেশৰ জি এছ টিৰ ৰাজহৰ পৰিমাণ ১৬৮ লাখ কোটি টকালৈ বৃদ্ধি পালে৷

এয়ে প্রথমবাৰৰ বাবে অভিলেখ সংখ্যক পৰিমাণৰ জি এছ টি দেশত সংগ্ৰহ কৰা হ’ল। উল্লেখ্য যে যোৱা মাৰ্চত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ আছিল ১.৪২ লাখ কোটি টকা। মাৰ্চৰ তুলনাত যোৱা এপ্ৰিলত দেশে ২৫ হেজাৰ কোটি টকাৰ অধিক জি এছ টি লাভ কৰিলে।

যোৱা বছৰৰ তুলনাত চলিত বৰ্ষৰ বিগত এপ্ৰিলত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ ২০ শতাংশৰ অধিক আছিল। দেশত জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এমাহত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ১.৫০ লাখ কোটি টকাৰ অধিক হ’ল।

Exit mobile version