পেলনীয়া কাগজত পৰিণত এন‌আৰচি

বিদেশী ন্যায়াধিকৰণৰ গোচৰৰ বিচাৰত প্ৰযোজ্য নহ'ব এন‌আৰচিৰ তথ্য

nrc 1

এতিয়াৰে পৰা বিদেশী ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন‌আৰচি)ৰ কোনো নথি প্ৰযোজ্য নহ’ব । ৰাজ্যত থকা সকলো ন্যায়াধিকৰণলৈ এছ পি এম ইউ/এন আৰ চি/এফটি/৪৬/২০১৪/পিটি-৩/৪২ নম্বৰত এন‌আৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই প্ৰেৰণ কৰা এখন জৰুৰী পত্ৰত এই বিষয়ে সদৰী কৰা হৈছে । এনেদৰে বহুচৰ্চিত এন‌আৰচিখনক পেলনীয়া কাগজলৈ পৰ্যবসিত কৰা হ’ল ।

পত্ৰত উল্লেখ কৰা অনুসৰি, ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন‌আৰচিখন এতিয়ালৈকে ভাৰতৰ মহাপঞ্জীয়কে গ্ৰহণ কৰা নাই । তদুপৰি এন‌আৰচিখনত যথেষ্ট বিসংগতি ধৰা পৰিছে । যদিহে এন‌আৰচিৰ তথ্যৰ আধাৰত বিদেশী ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়া চলোৱা হয়, তেনেহ’লে বিচাৰৰ ৰায়ত ত্ৰুটি ৰৈ যোৱাৰ সম্ভাৱনাই অধিক ।

উল্লেখ্য যে চূড়ান্ত এন‌আৰচি প্ৰকাশৰ পাছৰে পৰা বিদেশী নাগৰিক সংক্ৰান্তীয় গোচৰবোৰৰ ক্ষেত্ৰত বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে এন‌আৰচি তথ্যৰ ওপৰত সৰ্বাধিক ‌নিৰ্ভৰ কৰি আহিছে । তেওঁলোকে বিচৰা তথ্য এন‌আৰচিৰ কাৰ্যালয় আৰু জিলা প্ৰশাসনেও যোগান ধৰি আহিছে । এন‌আৰচিৰ ভিত্তিতে ন্যায়াধিকৰণে এজন লোক ভাৰতীয় হয় নে নহয় তাৰো ৰায় বিগত দিনবোৰত ঘোষণা কৰি আহিছে । কিন্তু শেহতীয়াকৈ ৰাজ্যিক সমন্বয়কে যি জাননী ন্যায়াধিকৰণৰ সদস্যসকললৈ প্ৰেৰণ কৰিছে তাৰ ফলত এতিয়াৰে পৰা প্ৰকাশিত এন‌আৰচিখন বিদেশী চিনাক্তকৰণৰ কোনো প্ৰকাৰৰ নথি নহ’ব । বিচাৰৰ সহায়ৰ বাবে জিলা উপায়ুক্ত আৰু এন‌আৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ পৰা তথ্য বিচৰাটো যুক্তিহীন বুলিও দেৱশৰ্মাই পত্ৰখনত উল্লেখ কৰিছে ।

পত্ৰখনত এইদৰে উল্লেখ কৰা হৈছে যে যিহেতু এন‌আৰচিখনত সালসলনি হোৱাৰ সম্ভাৱনা আছে, গতিকে এইখনক বিদেশী নাগৰিকৰ গোচৰ মীমাংসা কৰাত প্ৰয়োগ কৰিব নোৱাৰিব । তদুপৰি এনেদৰেও কোৱা হৈছে, ‘এন আৰ চিখনত ডাটা এণ্ট্ৰিত হোৱা ভুলৰ বাবে বহু বিসংগতি হৈছে । এনে বিসংগতি তথা ভুলবোৰৰ বিষয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ক অৱগত কৰা হৈছে । গতিকে কোনেও এইখন এন আৰ চিক নিৰ্ভৰ কৰিব নালাগে ।’

উল্লেখ্য যে অসম চৰকাৰৰ লগতে একাংশ দল-সংগঠনেও চূড়ান্ত এন আৰ চিখনক গ্ৰহণ কৰা নাই । তেওঁলোকে এন আৰ চিখন শুদ্ধ নহয় বুলি মন্তব্য কৰি আহিছে । সেয়েহে পুনৰীক্ষণৰ দাবীও উত্থাপন কৰিছে । চৰকাৰে আনকি বাংলাদেশ সীমান্ত সংলগ্ন হৈ থকা জিলাবোৰৰ এন‌আৰচিত অন্তৰ্ভুক্ত ২০ শতাংশ আৰু অন্য জিলাবোৰৰ ১০ শতাংশ নাম নমুনা ভিত্তিত সংগ্ৰহ কৰি পুনৰীক্ষণৰ স্থিতি লৈছে ।

একাংশ সংগঠনে আকৌ এন‌আৰচিখনৰ এশ শতাংশ পুনৰীক্ষণ দাবী উত্থাপন কৰিছে । ইয়াৰ বিপৰীতে চৰকাৰে এন‌আৰচিখনক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ একাংশ সংগঠনে । সেইসকলে বৰ্তমানৰ এন‌আৰচিখনেই শুদ্ধ বুলি দাবী কৰি মহাপঞ্জীয়কক গ্ৰহণ কৰাৰো দাবী জনাই আহিছে । এই প্ৰসংগতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক সূত্ৰ‌ই প্ৰশ্ন কৰে যে এন‌আৰচিৰ তথ্যৰ ভিত্তিত ইতিমধ্যে যিসকলৰ বিদেশী গোচৰৰ ৰায় প্ৰদান কৰা হৈছে সেইসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনাটো প্ৰযোজ্য হ’ব নে ? কিয়নো ইতিমধ্যে বহু গোচৰৰ ৰায়দান এন‌আৰচিৰ তথ্যৰ ভিত্তিতে দিয়া ‌হৈছে ।

Exit mobile version