Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

ন্যায়মূৰ্তিৰ সকীয়নি আৰু পুলিচৰাজ !

প্রাঞ্জলসেন ডেকা

publisher by publisher
May 2, 2022
in Opinion
Reading Time: 1 min read
0
ন্যায়মূৰ্তিৰ সকীয়নি আৰু পুলিচৰাজ !
1
SHARES
11
VIEWS
ShareShareShareShare

অসম আৰক্ষী সতর্ক হ’বলৈ ইয়াতকৈ উপযুক্ত সময় হয়তো আৰু হ’ব নোৱাৰে। যোৱা শুকুৰবাৰে গুজৰাটৰ কংগ্ৰেছ সমর্থিত নির্দলীয় বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন মঞ্জুৰ কৰি দিয়া আদালতৰ ৰায়ৰ সতর্কবাণীয়ে যদি সংশ্লিষ্ট কর্তৃপক্ষৰ চকু মেল খুৱাব নোৱাৰে, তেন্তে সেয়া দুর্ভাগ্যজনকৰূপেই বিবেচিত হ’ব।

ADVERTISEMENT

মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা উপ-পৰিদৰ্শকে বৰপেটাৰোড আৰক্ষী থানাত ৰুজু কৰা দুর্ব্যৱহাৰৰ গোচৰটো বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে গ্রহণযোগ্য নহয় বুলি নাকচ কৰাৰ লগতে ইয়াত জাপি দিয়া ধাৰাসমূহো খাৰিজ কৰে। লক্ষ্যণীয়ভাৱে এই সম্পৰ্কত দাখিল কৰা এজাহাৰখনো শুদ্ধ আৰু সত্য নহয় বুলি আদালতে অভিহিত কৰে।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

বৰপেটা জিলাৰ সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ এই ৰায় যে ভৱিষ্যতলৈ এক মাইলৰ খুঁটি হৈ ৰ’ব তাত সন্দেহ নাই। ইয়াৰ পূৰ্বেও দৃষ্টান্তমূলক পদক্ষেপেৰে ন্যায়াধীশ চক্ৰৱৰ্তীয়ে বিশেষ পৰিচিতি গঢ়ি তুলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে টুইটাৰত অপমানজনক মন্তব্য কৰা বুলি কোকৰাঝাৰৰ বিজেপি নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য এজনৰ গোচৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱনীক সুদূৰ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনে।

কোকৰাঝাৰত ৰুজু হোৱা এই গোচৰত জামিন লাভৰ পাছতে বৰপেটাৰোড আৰক্ষী থানাৰ আন এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰি বৰপেটালৈ নিয়া হয়। জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন লাভত ব্যৰ্থ হোৱাৰ পাছত মেৱানী সত্ৰ আদালতৰ দ্বাৰস্থ হয়। এই সত্ৰ আদালততে গুজৰাটৰ বিধায়কজনক আৰক্ষীৰ জিম্মাত ৰখা আৰু তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ অন্তঃসাৰশূন্যতা ওলাই পৰে৷

আনকি মেৱানীক দীৰ্ঘদিনৰ বাবে আবদ্ধ কৰি ৰখাৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ মনেসজা গোচৰ প্ৰস্তুত কৰা বুলি সত্ৰ ন্যায়াধীশে মন্তব্য কৰে। কেৱল সেয়ে নহয়, এই ৰায়তে আৰক্ষীৰ অজ্ঞতাও অতি দৃষ্টিকটুভাৱে ওলাই পৰিছে। এই গোচৰত সংশ্লিষ্ট আৰক্ষীয়ে যি ধৰণে জবানবন্দী গ্ৰহণ কৰিছে— সেয়া গ্ৰহণ কৰিব লাগিলে দেশৰ ফৌজদাৰী আইনশাস্ত্ৰই নতুনকৈ লিখিব লগা হ’ব বুলি ন্যায়াধীশে মন্তব্য কৰিছে।

মাজনিশা আৰক্ষীৰ জিম্ম’ৰ পৰা অভিযুক্তৰ পলায়নৰ চেষ্টাৰ দৰে ঘটনাৱলীৰ আৰক্ষীৰ ভাষ্যক গ্রহণযোগ্যতা দিয়াটো আৰু আৰক্ষীৰ গুলিত অভিযুক্ত হতাহত হোৱাটো ৰাজ্যত এক নিয়মিত ঘটনাত পৰিণত হৈছে। এইদৰে মন্তব্য কৰি ইয়াৰ লগতে মেৱানীৰ গোচৰটোৰ দৰে ভুৱা এজাহাৰ দাখিল প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীক কেতবোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সংস্কাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পোষকতা কৰি সত্ৰ ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰিছে।

উদাহৰণ স্বৰূপে আইন-শৃংখলা ৰক্ষাৰ কৰ্তব্যত নিয়োজিত প্ৰতিজন আৰক্ষীক এনে বড়ী কেমেৰা পৰিধানৰ লগতে অভিযুক্তক অনা-নিয়া কৰা বাহনৰ উপৰি সকলো আৰক্ষী থানাত চি চি কেমেৰা স্থাপনৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিব পাৰে বুলি তেওঁ পোষকতা কৰিছে। সত্ৰ ন্যায়াধীশগৰাকীয়ে ৰায়দানত আৰু কৈছে, ইয়াৰ অন্যথা আমাৰ ৰাজ্যখন এখন আৰক্ষী ৰাজ্যত পৰিণত হ’ব, যিটো সমাজৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে। অনকি বিশ্বত নির্বাচিত জনপ্রতিনিধিক ঘূৰাই অনা (প্ৰত্যাহাৰ কৰা), নিৰ্বাচিত চৰকাৰক অস্থিৰ কৰাৰ অধিকাৰ আদিৰ দৰে পৰৱৰ্তী প্ৰজন্মৰ মানৱাধিক’ৰ প্ৰদানৰ সপক্ষে গণতান্ত্রিক দেশসমূহত জনমত গঢ় লৈ উঠিছে।

গতিকে আমাৰ কষ্টোপাৰ্জিত গণতন্ত্রক পুলিচৰাজলৈ ৰূপান্তৰ কৰিব বিচৰাটো তেনেই অকল্পনীয় আৰু যদি অসম আৰক্ষীয়ে তাকেই ভাবিছে, তেন্তে সেয়া বিপথগামী চিন্তা।’ সেয়েহে এই বিষয়টোৰ দিশসমূহ চালিজাৰি চাবলৈ আৰু আৰক্ষীৰ মাত্ৰাধিক আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ ইয়াক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰূপে বিবেচনা কৰিবলৈ এই ৰায়ৰ এটা প্রতিলিপি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক প্ৰদান কৰিবলৈ কোৱা হয়।

পৰিৱেশক লৈ কিমান গভীৰভাৱে উদ্বিগ্ন হ’লে এগৰাকী ন্যায়াধীশে এনে পর্যবেক্ষণ আগবঢ়াব পাৰে সিও বিচাৰ্য। এই শনিবাৰে স্বয়ং প্রধানমন্ত্রী মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ উপস্থিতিত ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনিৰ উন্নয়ন সম্পৰ্কত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই দাঙি ধৰা ভাষ্যই এক গুৰুতৰ পৰিস্থিতিৰ সংকেত বহন কৰিছে।

দেশৰ ন্যায় ব্যৱস্থাত ৰাজনৈতিক হস্তক্ষেপৰ ইংগিত দি মুখ্য ন্যায়াধীশে কৈছে যে বহু সময়ত ন্যায়ালয়ে প্রদান কৰা নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে ইচ্ছাকৃতভাৱে নিষ্ক্রিয় ভূমিকা গ্ৰহণ কৰে। এনে হস্তক্ষেপ অথবা অবজ্ঞা সুস্থ গণতন্ত্ৰৰ পৰিপন্থী বুলি স্বয়ং মুখ্য ন্যায়াধীশে কৰা মন্তব্য আক্ষেপ নে হতাশা তাৰ উমান কোনে ল’ব? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত চৰকাৰ, সংসদ আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ স্পষ্ট ভাগ-বাটোৱাৰা কৰা আছে; গতিকে সেই লক্ষণ ৰেখা অতিক্ৰম কৰাটো উচিত নহয় বুলিও মুখ্য ন্যায়াধীশ ৰামানাই উল্লেখ কৰিছে।

গতিকে পৰিস্থিতিৰ জটিলতাৰ বিষয়ে আৰু অধিক ব্যাখ্যা নিষ্প্রয়োজন। ক্ষমতা দখল আৰু বাহালৰ চেষ্টাত দেশৰ শাসকসকলেই সকলো নিকৃষ্ট উপায় অৱলম্বন কৰিবলৈ লোৱাৰ ফলস্বৰূপে গণতান্ত্রিক প্রমূল্যবোধ সম্প্ৰতি অচল মুদ্ৰাত পৰিণত হৈছে। এখন সমাজ সুশৃংখলিতভাৱে চলিবলৈ হ’লে আৰক্ষী বাহিনীৰ এক গুৰুত্বপূর্ণ ভূমিকা থাকে। আৰক্ষীৰ ওপৰত সাধাৰণ নাগৰিকৰ বিশ্বাস আৰু আস্থা থাকিলেহে সেইখন সমাজ শৃংখলাবদ্ধ হোৱাটো সম্ভৱ হৈ উঠে। ইয়াৰ বিপৰীতে অযথা ভয় আৰু আস্থাহীনতাই পৰিস্থিতি জটিল কৰি তোলে।

অসম আৰক্ষীয়ে যে জনতাৰ আস্থা আৰু বিশ্বাস জিনিবলৈ সক্ষম হোৱা নাই সেয়া শেহতীয়া ঘটনাৱলীয়ে প্ৰমাণ কৰিছে ৷ পৰিৱেশ এনে হৈছে যে আৰক্ষীৰ কাষ চপা মানে বিপদ চপাই লোৱা বুলিহে সাধাৰণ লোকৰ ধাৰণা। ফলস্বৰূপে চৰকাৰে যিমানে দাবী নকৰক, সামগ্ৰিকভাৱে ৰাজ্যত অপৰাধ নিয়ন্ত্রণ অথবা সমাজত শৃংখলা বজাই ৰখাটো সম্ভৱ হৈ উঠা নাই। এই কথাও ঠিক যে এনে পৰিৱেশ এদিনতে গঢ় লৈ উঠা নাই; কিন্তু দুর্ভাগ্যৰ বিষয় এয়ে যে পৰিৱেশ সলনিৰ আন্তৰিক প্ৰচেষ্টাও চলোৱা হোৱা নাই।

বিশেষকৈ নিয়োগ প্রক্ৰিয়াৰ পৰাই আৰম্ভ হোৱা দুৰ্নীতি-অনিয়মে সাধাৰণ লোকৰ মনত আৰক্ষীৰ সম্পৰ্কত এক সন্দেহৰ প্ৰশ্নচিহ্ন আনি দিয়ে। কে’বা বছৰ পূৰ্বে বিশেষ অভিযানকাৰী গোটৰ আৰক্ষী বিষয়া এজনে কোৱা মনত পৰে যে এবাৰ ডিএছপি পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা আৰু কোনো ক্ষেত্ৰতে, কোনো কামতে ব্যক্তিগত এপইচাও খৰচ কৰিব লগা নহয়৷ তাৰ পাছতো অধিকাংশ আৰক্ষী বিষয়াৰে দুৰ্নীতিৰ প্ৰকোপ দেখিলে যিকোনো লোকৰে চকু কপালত উঠে।

ইতিমধ্যে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াৰ অবৈধ ধন-সম্পত্তিৰ তালিকাই এই কথা প্ৰমাণ কৰি থৈছে। লক্ষ্যণীয় এয়ে যে কেৱল গ্ৰেপ্তাৰ হোৱাকেইজনৰ বিষয়েহে স্বয়ং আৰক্ষীয়েই তেনেবোৰ তথ্য প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ নোহোৱাসকলৰ বহুতেই তাতকৈও অধিক ধন-সম্পত্তিৰ গৰাকী। অৱশ্যে আন সকলো ক্ষেত্ৰৰ দৰে অসম আৰক্ষীতো ব্যতিক্রম নোহোৱা নহয় আৰু এই বাহিনীতো সৎ বিষয়া-কৰ্মচাৰী আছে। আৰক্ষীৰ আইন বহির্ভূত কার্যকলাপে অসমক পুলিচৰাজৰ অধীন কৰি পেলাব বুলি ন্যায়াধীশে কৰা আশংকাক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব ৷

বৰ্তমানৰ চৰকাৰে কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা অভিযুক্তৰ স’তে আৰক্ষীৰ ‘সংঘর্ষ’ৰ ঘটনা বৃদ্ধি পোৱাটো লক্ষ্যণীয় হৈ পৰিছে। যিকোনো দুর্ধর্ষ অপৰাধীয়ে উচিত শাস্তি লাভ কৰাটোৱে কাম্য; কিন্তু তাৰ পৰিৱৰ্তে অধিকাংশ সময়তে দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া তথা তদন্তকাৰী সংস্থাৰ অৱহেলা আৰু গাফিলতিৰ ফলত অপৰাধী সাৰি যোৱা অথবা বহুত পলমকৈ শাস্তিৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। সেয়েহে এই ক্ষেত্ৰত থকা সুৰুঙাসমূহ বন্ধ কৰি বিচাৰ ব্যৱস্থা খৰতকীয়া আৰু তদন্ত প্ৰক্ৰিয়া নিখুঁত কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহগ্ৰহে প্ৰয়োজন৷

তাৰ পৰিৱৰ্তে বিচাৰ অবিহনে ‘সংঘৰ্ষ’ৰ সৃষ্টি কৰি শাস্তি প্ৰদান কৰাটো আইনৰ শাসনৰ পৰিপন্থী। এই ক্ষেত্ৰত সাতোকে বিপজ্জনক দিশটো হৈছে, প্ৰথম অৱস্থাত অপৰাধীক লক্ষ্য কৰি লৈ সাধাৰণ জনতাৰ সমৰ্থন আদায়ৰ চেষ্টা চলোৱা হয় এইবুলি যে অপৰাধীক কাল বিলম্ব নকৰি তাৎক্ষণিক শস্তি বিহা হৈছে। পাছত একেই কৌশল ৰূপায়ণ কৰা হয় শাসকীয় পক্ষৰ ৰাজনৈতিক প্রতিপক্ষ আৰু চৰকাৰৰ সমালোচকসকলৰ বিৰুদ্ধে৷

পূৰ্বতে অগপ চৰকাৰৰ কাৰ্যকালত গুপ্তহত্যা লানিৰ ক্ষেত্ৰতো একেই ঘটনা দেখিবলৈ পোৱা গৈছিল ৷ নিৰীহ লোকক নির্বিচাৰে বেমা-বাৰুদৰে হত্যা কৰা উগ্রপন্থীসকলক ‘শিক্ষা’ দিবলৈ বিনা বিচাৰে তেওঁলোকৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যক চৰকাৰী বাহিনীৰ জৰিয়তে হত্যা কৰা হৈছিল। প্ৰথম অৱস্থাত আইন-শৃংখলা ৰক্ষা আৰু উগ্ৰপন্থীবিৰোধী অভিযানৰ অংশৰূপে ইয়াক আখ্যা দিয়া হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত শাসকপক্ষৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধেও গুপ্তঘাতক বাহিনীক ব্যৱহাৰ কৰাৰ বিষয়ে সকলোৱে অৱগত।

বর্তমানেও এনে প্ৰক্ৰিয়াৰে উকমুকনি পৰিলক্ষিত হ’ল বিধায়ক মেৱানীৰ গ্ৰেপ্তাৰ কাৰ্যত আৰু সেই বাবেই সত্ৰ ন্যায়াধীশৰ সতর্কবাণীলৈ উচ্চ ন্যায়ালয়ে যথোচিত গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশাবাদী। দৰাচলতে সক্ষম আৰক্ষী বাহিনী তাকহে আখ্যা দিয়া হয়, যিয়ে অপৰাধ সংঘটিত হোৱাৰ পূৰ্বেই তাক বাধা দিবলৈ সক্ষম হয়; অথবা অপৰাধ সংঘটিত হোৱাৰ পাছত ক্ষিপ্ৰতাৰে অপৰাধীক বিচাৰি উলিয়াই যথাযথ তদন্তৰ জৰিয়তে উচিত শাস্তি নিশ্চিত কৰিবলৈ সক্ষম হয়।

তাৰ পৰিৱৰ্তে অসমত সম্প্ৰতি কি চলিছে সেয়া আমাৰ সকলোৰে সন্মুখত স্পষ্ট হৈ জিলিকি আছে ৷ সেয়েহে চৰকাৰ বিৰোধী ভাষ্যক নস্যাৎ কৰিবলৈ শক্তি প্ৰয়োগ কৰাৰ পৰিৱৰ্তে মূল বিষয়সমূহ সমাধানৰ উমৈহতীয়া প্ৰচেষ্টা চলোৱাহে বাঞ্ছনীয়৷ কিয়নো সমালোচকৰ মুখ বন্ধ কৰিলেও সমস্যাসমূহ কিন্তু সমাধান কৰাটো সম্ভৱ হৈ নুঠে। অৱশ্যে সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে এই বিষয়সমূহক সংশ্লিষ্ট কর্তৃপক্ষসমূহে গুৰুত্বসহকাৰে গ্ৰহণ কৰা যেন ধাৰণা নহয়। সম্প্রতি প্রতিদিনে অত্যাৱশ্যকীয় খাদ্য,ইন্ধনকে ধৰি সকলো সামগ্ৰী তথা সেৱাৰ আকাশলংঘী মূল্যবৃদ্ধি ঘটিছে। অথচ এনে অভূতপূর্ব মহঙা দিনতো প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসংখ্য বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে মহা আড়ম্বৰৰে।

আনহাতে, ৬০টা ৱাৰ্ডৰ ৫৮ টাতে শাসক মিত্ৰজোঁটে বিপুল জয়লাভ সাব্যস্ত কৰিছে। তাৰ পাছতো স্বয়ং ন্যায়মূৰ্তিৰ সতর্কবাণী অথবা সচেতন নাগৰিকৰ উদ্বেগ অৰণ্য ৰোদন নহয় বুলি কোনে ক’ব?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jignesh Mevanipranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d