ঈদৰ পৰিস্থিতিত পতাকা খোলাক লৈ উত্তপ্ত যোধপুৰ, আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ

rajasthan

ঈদৰ আগৰ দিনাই সাম্প্রদায়িক অশান্তি (Communal Clash) সৃষ্টি হৈছিল ৰাজস্থানৰ (Rajasthan) যোধপুৰত । সোমবাৰে পৰশুৰাম জয়ন্তীৰ পৰাই আৰম্ভ হয় অশান্তি । এগৰাকী স্বাধীনতা সংগ্রামীৰ মূর্তিত পতাকা লগোৱাক লৈয়ে দুই ধর্মাৱলম্বীৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । তাৰপাছতেই শিল দলিওৱা হয় আৰু পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে । ঘটনাস্থলত আৰক্ষী উপস্থিত হয় কিন্তু তেওঁলোকো আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন্ধ জালোৰি গেট অঞ্চলৰ ইন্টাৰনেট সেৱা বন্ধ ৰখা হয় ।

ঘটনাৰ সূত্রপাত হয় সোমবাৰে মাজ নিশা । তিনি দিন ধৰি পৰশুৰাম জয়ন্তী পালন কৰা হৈছে যোধপুৰত । ৰাজস্থানৰ অতিৰিক্ত এডিজি হাৱা সিং ঘুমাৰিয়াই জনাইছে, “নমাজ পঢ়া ঠাইত পৰশুৰামৰ পতাকা লগোৱা আছিল । সেইবোৰ আঁতৰ কৰি ঈদৰ বাবে পতাকা লগাব বিচাৰে কিছুসংখ্যকে ।” এই ঘটনাৰ প্রতিবাদ কৰে অনেকে । তাৰ পাছতেই দুই গোষ্ঠীৰ মাজত সংঘর্ষ আৰম্ভ হয় ।

কিছু সময়ৰ ভিতৰত স্তব্ধও হৈ যায় এই অশান্তি । কিন্তু এই খবৰ বিয়পি পৰে চাৰিও দিশে । নিশাৰ ভিতৰতেই পুনৰ ঘটনাস্থলত জনসমাগম হয় । দুই পক্ষই শিল দলিওৱা আৰম্ভ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলত আৰক্ষী উপস্থিত হয় । লাঠিচার্জ, কন্দোৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্রণত আনে আৰক্ষীয়ে । নিশা এক বজাৰ পাছত বন্ধ কৰি দিয়া হয় ইন্টাৰনেট সেৱা ।

ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট যোধপুৰৰ ভূমিপুত্র । তেওঁ জনসাধাৰণক শান্ত থাকিবলৈ আবেদন জনাইছে । টুইট কৰি তেওঁ কয়, “দুই গোষ্ঠীৰ মাজত সংঘর্ষ অত্যন্ত দুর্ভাগ্যজনক । মই প্রশাসনক নির্দেশ দিছো যিকোনো প্ৰকাৰে হ‌ওক শান্তি ঘূৰাই আনক । যোধপুৰ অঞ্চলত সম্প্রীতি আৰু ভ্রাতৃত্বৰ অসাধাৰণ নিদর্শন আছে । সেই কথা মনত ৰাখি ম‌ই সকলোকে আবেদন জনাইছো যেন শান্তি বজায় ৰাখক । আইন শৃংখলা ৰক্ষা কৰিবলৈ সহায় কৰক ।”

আৰক্ষী সূত্রে খবৰ, সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক হৈছে । ঈদ উপলক্ষে ঘটনাস্থল সংলগ্ন ঈদগাহত নমাজ পঢ়িব আহিব অনেকে, এনে সম্ভাৱনা আছিল । কিন্তু অশান্তিৰ সৃষ্টি নহ’বলৈ সেই অঞ্চলত কাকো প্ৰৱেশ কৰিব নিদিয়ে আৰক্ষীয়ে । এতিয়াও ইন্টাৰনেট সেৱা ঘূৰি অহা নাই । যোধপুৰৰ আৰক্ষী কমিছনাৰ নৱজ্যোতি গগৈয়ে কৈছে, পতাকা লগোৱা ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে । এই ঘটনাৰ পাছত যোধপুৰৰ বিজেপি সাংসদ গজেন্দ্র সিং সেখাৱত ঘটনাস্থলত যায় । তেওঁক ঘেৰাও কৰি গেহলটৰ বিৰুদ্ধে শ্ল’গান দিয়ে স্থানীয় জনতাই । তথ্য অনুসৰি, ৰাজস্থানৰ বিজেপি বিধায়ক সূর্যকান্ত ব্যাসৰ ঘৰৰ সন্মুখত এটা বাইক জ্বলাই দিছে উত্তেজিত জনতাই ।

Exit mobile version