ছলমানৰ স’তে এইবাৰ বলিউদত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গিলে

pic

প্রেমিক সিদ্ধার্থ শুক্লাৰ আকস্মিক মৃত্যুয়ে শ্বেহনাজ গিলৰ জীৱনলৈ পৰিৱৰ্তন আনিছিল। সদায় হাঁহি থকা অভিনেত্রীগৰাকীৰ জীৱনটো একপ্রকাৰৰ সলনি হৈ গৈছিল।

কিন্তু সময় পাৰ হৈ যােৱাৰ লগে লগে শ্বেহনাজে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে। শেহতীয়াকৈ তেওঁ নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে। এইবাৰ তেওঁৰ বলীউডত আত্মপ্রকাশ কৰাৰ কথা চিন্তা-চর্চা কৰিছে।

তেওঁ ছলমান খানৰ ‘কভি ঈদ কভি দেৱালী’ত অভিনয় কৰিব। এই চলচ্চিত্ৰখনত পূজা হেগড়েক ছলমানৰ স’তে মুখ্য চৰিত্ৰত দেখা পােৱা যাব, লগতে নতুন সংযােজন হ’ব শ্বেহনাজ ।ছলমানৰ স’তে শ্বেহনাজৰ বন্ধুত্বপূর্ণ সম্পর্কে ‘বিগ বছ’ৰ সময়ৰ পৰা দৰ্শকক আকর্ষণ কৰিছে।

বহুতাে মানুহে তেওঁলােকক পদাত একেলগে চাব বিচাৰিছিল। এইবাৰ দুয়ােজন তাৰকাই সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ আছে। শ্বেহনাজ জানুৱাৰীত বিগ বছ ১৫’ৰ ফাইনেল শ্ব’ৰ অতিথি আছিল।

সিদ্ধার্থৰ মৃত্যুৰ পাছত শ্বেহনাজক দেখাৰ পাছত ভাইজানে’ তেওঁৰ আৱেগ ধৰি ৰাখিব নােৱাৰিলে যদিও তেওঁ নিজৰ দুখ প্ৰকাশ কৰিবলৈ সেই সময়ত আন কোনাে শব্দ নাছিল। মাত্র দুটা চকু সেমেকি উঠিছিল। ছলমানে নিজকে বাধা দিব নােৱাৰাৰ বাবে মঞ্চত কান্দোনত ভাগি পৰিছিল। শ্বেহনাজে তেওঁৰ মৃত্যুৰ পাছত সিদ্ধার্থৰ বিষয়ে এটা গান লিখিছিল। যাৰ নাম আছিল ‘তু য়েহি হে’।

Exit mobile version