জন্মৰ সময়ত ভাৰতৰ ১৭ শতাংশ শিশুৰ ওজন স্বাভাৱিকতকৈ কম হয়

istockphoto 952682282 612x612 1

ভাৰতৰ নৱজাত শিশুৰ স্বাস্থ্যৰ সন্দৰ্ভত এক উদ্বেগজনক তথ্য পােহৰলৈ আহিল। চেণ্টাৰ ফৰ ডিজিজ ডায়নমিক্স, ইকনমিক্স এণ্ড পলিচি (চি ডি ডি ই পি)ৰ গৱেষকে প্রকাশ কৰা তথ্য অনুসৰি সাম্প্রতিক ভাৰতত জন্মৰ সময়ত ১৭ শতাংশ শিশুৰ দেহৰ ওজন স্বাভাৱিকতকৈ কম হৈছে।

নৱজাতকৰ দৈহিক ওজন স্বাভাৱিকতকৈ কম হােৱাটো এক উদ্বেগজনক বিষয়। ইয়াৰ ফলত নৱজাতক নানা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হােৱাৰ শংকা বৃদ্ধি পায়। গর্ভধাৰণৰ সময়ত মহিলাই পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰাৰ পৰিণতিত গর্ভস্থ সন্তানৰ ওজন স্বাভাৱিকতে কম হােৱাৰ সম্ভাৱনা থাকে।

Exit mobile version