লাহে লাহে আফগানিস্তানৰ তালিবান চৰকাৰৰ পূৰ্বৰ স্বৰূপ উন্মােচিত হ’বলৈ ধৰিছে। প্রকাশিত বাতৰি অনুসৰি এইবাৰ তালিবানে দেশখনৰ মহিলাক গাড়ীচালকৰ অনুজ্ঞাপত্ৰ দিবলৈ অস্বীকাৰ কৰিলে।
ADVERTISEMENT
আফগানিস্তানত পূর্বৰে পৰা পিতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত হৈ আহিছে যদিও পূর্বে বৃহৎ চহৰসমূহত সাধাৰণতে মহিলাই যান-বাহন চলাইছিল।
কিন্তু হেৰাটৰ ট্ৰেফিক মেনেজমেন্ট ইনষ্টিটিউটৰ মুৰব্বী আগা অচাকজায়ে প্রকাশ কৰা অনুসৰি মহিলাক গাড়ীচালকৰ অনুজ্ঞাপত্র প্রদান নকৰিবলৈ তালিবান চৰকাৰে নির্দেশ দিয়াৰ পাছত তেওঁলােকে গাড়ীচালকৰ অনুজ্ঞাপত্ৰ মহিলাৰ নামত জাৰি কৰাৰ পৰা বিৰত আছে।
‘আমাক নির্দেশ দিয়া হৈছে যাতে আমি মহিলাক গাড়ীচালনাৰ প্রশিক্ষণ নিদিও আৰু অনুজ্ঞাপত্র জাৰি নকৰাে। ‘অচাকজায়ে এইদৰে কয়।