Russia-India Oil Flow: প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আঢ়ৈ হেজাৰ টকা হ্রাস কৰক ,ৰাছিয়াৰ ওচৰত দাবী ভাৰতৰ

1651654797 oil

প্ৰতি বেৰেল খাৰুৱা তেলত প্ৰায় ৩৫ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় দুহেজাৰ ৬৭৫ টকা)। ৰেহাই দিব লাগে ৰাছিয়াই ।মস্কোৰ ওচৰত এই দাবী কৰিলে নতুন দিল্লীয়ে ।

এই মুহূৰ্তত, ৰাছিয়াই প্ৰতি বেৰেলত প্ৰায় ১০৫ ডলাৰত (ভাৰতীয় মুদ্ৰাত প্ৰায় আঠ হেজাৰ ২৩ টকা) খাৰুৱা তেল বিক্ৰী কৰে। সূত্ৰ অনুসৰি, ভাৰতে দাবী কৰিছে যে মূল্য ৭০ ডলাৰলৈ হ্ৰাস কৰা হ’ব (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫,৩৪৮ টকা)।

কিভ-মস্কো যুদ্ধৰ পৰিপ্ৰেক্ষিতত, বিভিন্ন দেশে ৰাছিয়াৰ পৰা আমদানি কৰা পেট্ৰোলজাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

তথ্য অনুসৰি, এই সুযোগৰ সুযোগ লৈ ভাৰতে পেট্ৰ’ল-ডিজেল-প্ৰাকৃতিক গেছৰ অন্যতম উৎপাদক ৰাছিয়াৰ স’তে এক নতুন চুক্তি তৈয়াৰ কৰি তেলৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে।

এই বিষয়ত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা চলি আছে বুলিও জানিব পৰা গৈছে।

ইউক্ৰেইন-ৰাছিয়া সংঘৰ্ষৰ পাছত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল আমদানিকৰ্তা ভাৰতে ৰাছিয়াৰ পৰা মুঠ ৪০ কোটি বেৰেল খাৰুৱা তেল ক্ৰয় কৰিছে।

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতে ২০২১ চনত ৰাছিয়াৰ পৰা প্ৰায় ২০ শতাংশ কম তেল ক্ৰয় কৰিছিল। ভাৰতে প্ৰতি বছৰে দেশৰ ৮৫ শতাংশ পেট্ৰ’ল আমদানি কৰে।

Exit mobile version