এটা জৰাজীৰ্ণ কোঠাত পাঁচটা শ্ৰেণীৰ পাঠদান

স্বয়ং শিক্ষামন্ত্ৰীৰ জিলাত বাৰিষাৰ সময়ত জলমগ্ন হৈ পৰে বিদ্যালয়ৰ চৌহদ-ৰান্ধনী ঘৰ

Screenshot 349

ধেমাজি জিলাৰ মুৰ্কংচেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়ে উদঙাই দেখুৱাইছে চৰকাৰী বিদ্যালয়ৰ ছবি । ১৯৮২ত স্থাপিত আৰু অসম গণ পৰিষদৰ চৰকাৰৰ প্ৰথমটো আমোলত প্ৰাদেশিকীকৰণ হোৱা বানপীড়িত বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়ৰ এটা জৰাজীৰ্ণ শ্ৰেণীকোঠাত শিক্ষা প্ৰদান কৰি অহা হৈছে ৬৫ গৰাকীকৈ কণ কণ ছাত্ৰ-ছাত্ৰীক ।

পঞ্চম শ্ৰেণীলৈ চলিত শিক্ষাবৰ্ষত মুঠ ৬৫ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত নামভৰ্তি কৰি অতি পুতৌজনক আন্তঃগাথঁনিৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে । ছটাকৈ শ্ৰেণীৰ এটা জৰাজীৰ্ণ শ্ৰেণীকোঠাত এজনীয়া শিক্ষকে কোলাহলৰ মাজত শিক্ষা প্ৰদান কৰি আহিছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীক ।

বৰষুণৰ বতৰত শ্ৰেণীকোঠাত ফুটা টিনপাটেৰে পানী পৰাৰ ফলত পাঠদানত ব্যাঘাত জন্মি অহা বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰৰ অৱস্থাও শোচনীয় । চৌহদৰ বেৰ নিৰ্মাণ নোহোৱাৰ ফলত বিদ্যালয়ৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে বিদ্যালয়ত । আনহাতে, বাৰিষাৰ কালত জলমগ্ন হৈ পৰে বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ।

উল্লেখ্য যে বিধানসভা, লোকসভা নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে বৰং প্ৰাথমিক বিদ্যালয়খন । দুটাকৈ সাধাৰণ নিৰ্বাচনৰ উপৰি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনো অনুষ্ঠিত হৈ অহাৰ পাছতো বৰং চৰাইবাৰী প্ৰাথমিক বিদ্যালয়খনৰ আন্তঃগাথঁনি কোনো চৰকাৰী পক্ষ‌ই নিৰ্মাণ কৰিবলৈ পদক্ষেপ হাতত লোৱা নাই ।

এশ এবুৰি সমস্যাৰ মাজত এজনীয়া শিক্ষকৰ দ্বাৰা কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা কাৰ্য‌ই শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি ঘোৰ অন্যায় কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

Exit mobile version