Russia-Ukraine War: যুদ্ধক্ষেত্ৰত থাকিয়েই শিক্ষাৰ্থীসকলক ক্লাছ লৈছে সেনা পোছাকধাৰী ইউক্ৰেইনৰ এজন অধ্যাপকে,

1651976239 new project 21

বিপৰীত দিশৰ পৰা অব্যাহত আছে ৰুছ সেনাৰ গোলাবৰ্ষণ । তাৰ মাজতে,বালিৰ মোনাৰে আৱৰি থকা এটা খালৰ পাছফালে বহি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন ক্লাছ কৰি আছে এজন ইউক্ৰেনৰ সেনাই।

ৰাইফলটো কান্ধৰ তলত। এখন হাতত কলম আৰু বহি। আনহাতে মোবাইল ফোনটো । যাৰ জৰিয়তে তেওঁ যুদ্ধক্ষেত্ৰত থকা শিক্ষাৰ্থীসকলৰ স’তে যোগাযোগ ৰাখিছে। শুক্ৰবাৰে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৭২ তম দিনত, এনে এখন ফটো সামাজিক মাধ্যমত দ্ৰুত গতিত হৈ বিয়পি পৰিছে।

তথ্য অনুসৰি, সৈনিকজনৰ নাম ফেদিৰ চন্দৰ। দৰাচলতে, তেওঁ পেছাত এজন অধ্যাপক। তেওঁ ইউক্ৰেইনৰ উঝোৰ্ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। সেইদিনাই, চন্দ্ৰই সেনাবাহিনীত তেওঁৰ নাম লিখিছিল। তেতিয়াৰ পৰা, তেওঁ যুদ্ধক্ষেত্ৰত আছে।

তেওঁ এইদৰে কয়, “মই যোৱা ৭০ দিন ধৰি যুদ্ধ কৰি আছোঁ। “আনকি এই যুদ্ধৰ সময়তো শিক্ষাৰ্থীসকলক অনলাইন শ্ৰেণী লোৱাৰ বাবে সময় নিৰ্ধাৰণ কৰিছে চন্দৰে।

প্ৰতি সপ্তাহত সোমবাৰে আৰু মঙলবাৰে আঠ টা । যোৱা ৭০ দিনত এবাৰো চুটি হোৱা নাই। চন্দৰৰ মতে, “শিশুসকলক শিকোৱাতকৈ অধিক পবিত্ৰ কাম নাই। মই সেইটো এৰিব নোৱাৰো।”

Exit mobile version