IndiGo: শাৰীৰিকভাৱে সক্ষম শিশু-সহ পৰিয়ালক বিমানত উঠাৰ বাধা ইণ্ডিগ’ৰ,

1614668244 indigo

এজন শাৰীৰিকভাৱে সক্ষম শিশুসহ এটা পৰিয়ালক বিমানত উঠিবলৈ নিষেধাজ্ঞা জাৰিৰ ঘটনাত ক্ষুব্ধ অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য চিন্দে । জনালে এনে ধৰণৰ ব্যৱহাৰ একেবাৰে সহ্য কৰা নহ’ব । তেওঁ নিজেই ইয়াৰ তদন্তত নামিছে বুলি সোমবাৰে টুইট কৰিলে কেন্দ্ৰীয় মন্ত্ৰীজনে ।

শনিবাৰে শিশুসহ এটা পৰিয়ালক বিমানত উঠিবলৈ নিষেধাজ্ঞা জাৰি কৰিছিল ইণ্ডিগ’ৰ এজন বিমান কৰ্মচাৰীয়ে । শাৰীৰিকভাৱে সক্ষম শিশুটোৱে বিমানত উঠাৰ লগে লগে ভয় খাইছিল। বিমানখন থকা অন্য যাত্ৰীৰ অসুবিধা হ’ব পাৰে বুলি ভাবি সেই শিশুটি আৰু তেওঁৰ পৰিয়ালক বিমানত উঠিবলৈ বাধা প্ৰদান কৰা হয় ।

ঘটনাটো ৰাঁচী বিমানবন্দৰত সংঘটিত হৈছিল। এই বিষয়ে এতিয়া আৰম্ভ হৈছে বিতৰ্ক । কিন্তু তাৰ মাজতে ইণ্ডিগ’ কৰ্তৃপক্ষৰ ফালৰ পৰা জনাইছে যে তেওঁলোকে কোনো ধৰণৰ পক্ষপাতিত্ব সমৰ্থন নকৰে। শিশুটোৰ আচৰণত অন্য যাত্ৰীয়ে নিৰাপত্তা অভাৱ অনুভৱ কৰিব পাৰে বুলি এই সিদ্ধান্ত লোৱা হৈছিল ।

ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে বহুত বিতৰ্ক আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীক উদ্ধৃতি কৰি টুইট কৰিছে একাধিক লোকে।

ইয়াৰ মাজতে এজন সাংবাদিকৰ টুইট পুনৰ টুইট কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্যই লিখিছে, “কোনো প্ৰকাৰে এনে ধৰণৰ আচৰণ সমৰ্থিত নহয়। কোনো মানুহে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে। মই নিজেই বিষয়টো তদন্ত কৰি আছো। পৰৱৰ্তী সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ‘

আনহাতে, দেওবাৰে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) কয় যে ই ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ডিজিচিএৰ মুৰব্বী অৰুণ কুমাৰে জনাই যে এই সন্দৰ্ভত ইণ্ডিগ’ কৰ্তৃপক্ষক এক দ্ৰুত প্ৰতিবেদন তলব কৰা হৈছে।

Exit mobile version