গৰম তেলৰ পৰা হাতেৰে পকড়ী আনি গ্ৰাহকক পৰিৱেশন কৰে এই ব্যক্তিয়ে

IMG 20220510 134025

সামাজিক মাধ্যমত আপুনি নানা ধৰণৰ ভাইৰেল ভিডিঅ’ প্রত্যক্ষ কৰি আহিছে। বহু ভিডিঅ’ প্রত্যক্ষ কৰি হয়তাে আপুনি আশ্চর্য প্রকাশ কৰিছে। কিন্তু কেতিয়াবা কোনাে ব্যক্তিয়ে কেৰাহীৰ গৰম তেলত হাত দিয়া ভিডিঅ’ প্রত্যক্ষ কৰিছে নে ?

হয়, চত্তিছগড়ৰ ৰাজধানী ৰাইপুৰত এনে এজন ব্যক্তি আছে যি কেৰাহীৰ গৰম তেলত হাত ভৰাই খাদ্য গ্রাহকক পৰিৱেশন কৰিব পাৰে। শেহতীয়াভাৱে ভাইৰেল হােৱা এক ভিডিঅ’ত এজন ব্যক্তিয়ে কেৰাহীৰ গৰম তেলত হাত ভৰাই পকড়ী গ্রাহক পৰিৱেশন কৰাৰ দৃশ্য বন্দী হৈছিল।

ৰাইপুৰৰ এটা বাছ ষ্টেছনৰ সমীপত এইদৰে গ্রাহকক গৰম মুখৰচক খাদ্য পৰিৱেশন কৰি আহিছে এইজন ব্যক্তিয়ে। এই ব্যক্তিয়ে গৰম তেলত নিজৰ হাত ভৰাই পকড়ী তৈয়াৰ কৰিব পাৰে।

কোনাে ধৰণৰ গ্লাভছ পৰিধান নকৰাকৈ এই ব্যক্তিয়ে গৰম তেলত হাত ভৰাই সদায়ে পড়ী তৈয়াৰ কৰি আহিছে। অলপতে হৰিশ গােস্বামী নামৰ এজন ব্যক্তিয়ে ইনষ্টাগ্ৰামত এক ভিডিঅ’ শ্বেয়াৰ কৰিছিল আৰু সেই ভিডিঅ’তে এই ব্যৱসায়ীজনৰ এই অদ্ভুত দক্ষতাৰ কথা পােহৰলৈ আহিছিল।

প্রকাশিত বাতৰি অনুসৰি উক্ত ব্যক্তিয়ে এইদৰে কেৰাহীৰ গৰম তেলত দাল পকড়ী তৈয়াৰ কৰিছিল। উক্ত নামবিহীন ব্যক্তিৰ খালী। হাতৰে গৰম তেলত কেৰাহিত পকড়ী তৈয়াৰ কৰা ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।

কেনেকৈ এইজন ব্যক্তিয়ে ইমান গৰম তেলত খালী হাত ভৰাই খাদ্য প্রস্তুত কৰে সেয়া এতিয়াও এক সাঁথৰ হৈয়ে আছে।

Exit mobile version