Mahesh Babu : ‘মোক লৈ ছবি বনোৱাৰ সামৰ্থ‍্য নাই বলীউডৰ’, মহেশ বাবুৰ মন্তব্যই তোলপাৰ লগাইছিল সামাজিক মাধ্যমত

তেলেগু চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় তাৰকা মহেশ বাবু। তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট। শেহতীয়াকৈ, অভিনেতাজনে তেওঁৰ আহিবলগীয়া ছবি ‘মেজৰ’ৰ প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ মুখামুখি হৈছিল।

তাত তেওঁৰ এটা মন্তব্যই সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁক কি প্ৰশ্ন সোধা হৈছিল? উত্তৰত কি কৈছিল অভিনেতাজনে ?

মহেশ বাবুৰ বিস্ফোৰক উত্তৰ

‘মেজৰ’ ছবিখনৰ প্ৰযোজক মহেশ বাবু । তেওঁক প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ অভিনীত বা প্ৰযোজিত ছবি হিন্দীত ডাব (Hindi Dub) কৰাৰ সলনি হিন্দী চলচ্চিত্ৰত কিয় অভিনয় কৰা নাই। প্ৰশ্নটোৰ উত্তৰত মহেশ বাবুয়ে কয়, “মই সকলো সময়তে তেলেগু ছবিত অভিনয় কৰিব বিচাৰো আৰু বিচাৰো সমগ্ৰ ভাৰতৰ মানুহে ইয়াক চাওক।

এতিয়া যেতিয়া সেয়া হৈছে, মই বহুত সুখী। মোৰ সকলো সময়তে এই মত যে মোৰ শক্তি হৈছে তেলেগু ছবি আৰু মই যি অনুভূতি বুজোঁ সেয়াও তেলেগু ছবি ।’

তেওঁ লগতে কয়, “মই মোৰ কথাত অহংকাৰী অনুভৱ কৰিব পাৰো, মই বহুতো হিন্দী চলচ্চিত্ৰৰ প্ৰস্তাৱ পাওঁ। কিন্তু মই নাভাবো যে বলীউডে মোৰ বিষয়ে এখন ছবি নিৰ্মাণ কৰিব পাৰে। মই মোৰ সময় অপচয় কৰিব নিবিচাৰো। তেলেগু চিনেমাত মই পোৱা ষ্টাৰডম আৰু মৰম, মই কেতিয়াও আন কোনো উদ্যোগলৈ যোৱাৰ কথা ভবা নাই। মই সদায় ভাবি আহিছো যে মই ইয়াত ছবি কৰিম আৰু ই ডাঙৰ হ’ব আৰু মোৰ বিশ্বাস যে এতিয়া লাহে লাহে বাস্তবায়িত হৈছে। তাতকৈ আনন্দদায়ক আৰু একো নাই ।’

ইয়াৰ আগতে এটা অনুষ্ঠানত, যেতিয়া মহেশ বাবুক তেওঁৰ বলীউডত আত্মপ্ৰকাশৰ বিষয়ে সোধা হৈছিল, তেতিয়াও তেওঁৰ উত্তৰ ভাইৰেল হৈছিল। বিভিন্ন প্ৰতিবেদন অনুসৰি অভিনেতাজনে কয় যে তেওঁ সকলো ঠাইতে নিজৰ চিনেমা চাবলৈ হিন্দী চলচ্চিত্ৰ কৰাৰ প্ৰয়োজন নাই।

Exit mobile version