উত্তৰ প্রদেশৰ পাছত এইবাৰ কর্ণাটক, লাউডস্পিকাৰ ব্যৱহাৰৰ নতুন নির্দেশ ৰাজ্যত

arab saudi pengeras suara seluruh masjid hanya untuk azan dan iqamat zpw

উত্তৰ প্রদেশৰ পাছত এইবাৰ কর্ণাটক । মঙলবাৰে কর্ণাটক চৰকাৰে জনাইছে যে ৰাজ্যত নিশা ১০ বজাৰ পৰা পুৱা ছয় বজা পর্যন্ত লাউডস্পিকাৰ বজাব নোৱাৰিব ।

ADVERTISEMENT

কর্ণাটকৰ চৰকাৰে জনাইছে চৰকাৰী অনুমোদন অবিহনে লাউডস্পিকাৰ অথবা পাব্লিক এড্রেছ ব্যৱস্থা ব্যৱহাৰ কৰিব নোৱাৰিব । চার্কুলাৰত আৰু কোৱা হৈছে যে বন্ধ ঘৰ অর্থাৎ অডিট’ৰিয়াম, কনফাৰেন্স ৰুম, কমিউনিটী হল আৰু বেংকোয়েট হলৰ বাহিৰে অন্য কোনো স্থানত নিশা ১০ বজাৰ পৰা পুৱা ছয় বজাৰ ভিতৰত লাউডস্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ।

চার্কুলাৰটো উচ্চ ন্যায়ালয়ৰ আদেশৰ কথা কোৱা হৈছে । এই আদেশত কোৱা হৈছে যে জনবহুল অঞ্চলত লাউডস্পিকাৰৰ শব্দৰ সীমাৰ বিষয়ে উল্লেখ আছে ।

লাউডস্পিকাৰ সংক্রান্ত বিতর্ক আৰম্ভ হয় যেতিয়া এমএনএছ প্রধানে ১২ এপ্রিলত মহাৰাষ্ট্র চৰকাৰক এটা সময়সীমা বান্ধি দিয়ে লাউডস্পিকাৰ প্ৰত্যাহাৰৰ বাবে । তিনি মে’ৰ ভিতৰত মছজিদৰ পৰা লাউডস্পিকাৰৰ বাবে আল্টিমেটাম দিয়ে ৰাজ ঠাকৰেয়ে । তেওঁ সতর্ক কৰে যে অন্যথা এমএনএছ কর্মচাৰীসকলে লাউডস্পিকাৰত হনুমান চালিছা বজাব ।

মঙলবাৰে ৰাজ ঠাকৰেৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । ৰাজ ঠাকৰেয়ে জনসাধাৰণক লাউডস্পীকাৰত হনুমান চালিছা বজাবৰ বাবে আবেদন কৰিছে ।

Exit mobile version