দেশ ৰক্ষাৰ যুঁজত ২০০ বোমা নিষ্ক্ৰিয়কৰণৰ পুৰস্কাৰ কুকুৰক দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে

pro

ৰাছিয়াৰ আক্রমণ প্রতিৰােধ কৰিবলৈ এতিয়াও ইউক্রেইনৰ সেনা বাহিনীয়ে প্রচেষ্টা অব্যাহত ৰাখিছে। দেশ ৰক্ষাৰ যুঁজত কেৱল সেনাই নহয়, বিশেষ অৱদান আগবঢ়াইছে কুকুৰেও।

ইয়াৰে স্বীকৃতি ইউক্রেইনৰ ৰাষ্ট্রপতি ভ্রাডিমীৰ জেলেনস্কিয়ে প্রদান কৰিলে কুকুৰক। আঢ়ৈ বছৰ বয়সৰ পেট্র’ন নামৰ কুকুৰ এটাক জেলেনস্কিয়ে আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰিলে।

প্রকাশিত বাতৰি অনুসৰি এই কুকুৰটোৱে ৰুছ বিৰােধী যুঁজত কমেও ২০০ বিস্ফোৰক উদ্ধাৰ কৰি ইউক্রেইনবাসীৰ জীৱন ৰক্ষা কৰিলে। পেট্র’নৰ গৰাকীৰ নাম হৈছে মাইহেইল’ ইলিভ। ইলিভ সেনা বাহিনীত মেজৰ পদত নিযুক্ত। পেট্র’নৰ লগতে ইলিভেও পুৰস্কাৰ লাভ কৰিলে।

যােৱা দেওবাৰে কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্ৰুডুৰ উপস্থিতিত কুকুৰৰ লগতে ইলিভেও আনুষ্ঠানিকভাৱে দেশসেৱাৰ বাবদ পুৰস্কাৰ লাভ কৰিলে। অনুষ্ঠানৰ সমাপ্তিত জেলেনস্কিয়ে কয়, “আমাৰ দেশৰ যিসকল বীৰে বিভিন্ন বােমা নিস্ক্রিয় কৰিছিল, তেওঁলােকক কালি সন্মানিত কৰা হ’ল। তেওঁলােকৰ স’তে আছে। পেট্র’ন নামৰ এটা কণমানি কুকুৰ। বােমা নিস্ক্রিয় কৰাৰ লগতে শিশুসকলক বােমা থকা অঞ্চলত কেনেকৈ থাকিব লাগে সেই শিক্ষাও পেট্র’নে প্রদান কৰি আহিছে।’

Exit mobile version