বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ২০২২ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা । আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই ঘোষণা কৰে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ সাংবাদিক মনোৰম গগৈয়ে ।

তেওঁ কয় ‘১৭ মে’ত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ স’তে সংগতি ৰাখি গুৱাহাটী প্ৰেছক্লাৱত অনুস্থিতব্য এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব । পূৰ্বে পৰাগ দাসৰ ২৪ ফেব্ৰুৱাৰী ওপজা দিনটোত এই বঁটা প্ৰদান কৰি অহা হৈছে যদিও এই বৰ্ষৰ পৰা মৃত্যু তিথিত বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এইবেলি এই বঁটা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰা হ’ব । বঁটাত আছে স্মাৰক, চেলেং চাদৰ, প্ৰশংসা পত্ৰ আৰু নগদ ২৫ হেজাৰ টকা । বিশিষ্ট বিজ্ঞানী ডঃ দীনেশ গোস্বামীয়ে সেইদিনা উক্ত বঁটা প্ৰদান কৰিব ।’

উল্লেখ্য, ২০২২ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত প্ৰশান্ত ৰাজগুৰুৱে আশীৰ দশকত ‘দৈনিক জনমভূমি’ কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল । বিগত চাৰিটা দশকত ৰাজগুৰুৱে দৈনিক জন্মভূমিকে ধৰি অসমীয়া প্ৰতিদিন, দৈনিক অসম, আদি কাকতত সাংবাদিকতাৰে অসমৰ সংবাদ জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত তেওঁ আমাৰ অসম কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে । বৰ্তমান তেওঁ প্রাগ নিউজৰ মুখ্য সম্পাদক ৰূপে কার্যনিৰ্বাহ কৰি আছে । তেওঁ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক অসমীয়া প্ৰতিদিন কাকতত সতীৰ্থ সাংবাদিক হিচাপে পাইছিল ।

Exit mobile version