আজি জনতা ভৱনত পলিটেকনিক আৰু আইআইটি সমূহক চেণ্টাৰ অফ এক্সলেন্সলৈ উন্নীত কৰিবৰ বাবে অসম চৰকাৰ আৰু টাটা টেকন’লজিছ লিমিটেডৰ মাজত আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰিত হয় ।
ADVERTISEMENT
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা আৰু দক্ষতা আৰু উদ্যোগ মন্ত্রী চন্দ্র মোহন পাটোৱাৰী আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ঊর্ধ্বতন কর্মকর্তাসকলৰ উপস্থিতিত দক্ষতা, কর্মসংস্থান আৰু উদ্যোক্তা বিভাগৰ প্রধান সচিব বি কে চক্রৱর্তী আৰু টাটা টেকন’লজিছ লিমিটেডৰ চিইঅ’ আৰু ব্যৱস্থাপনা পৰিচালক ৱাৰেন হেৰিছে চুক্তি স্বাক্ষৰ কৰে ।





























