Journalist died in west bank : ইজৰাইলৰ অভিযান চলাকালীন ৱেষ্ট বেংকত গুলিবিদ্ধ হৈ মৃত্যু মহিলা সাংবাদিক শিৰিনৰ

1652254755 aljazeera 1

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্রাণ গ’ল এগৰাকী সাংবাদিকৰ । এইবাৰ স্থান পেলেষ্টাইনৰ ৱেষ্ট বেংক । সূত্রৰ খবৰ, আল-জাজিৰাৰ পেলেষ্টানীয় সাংবাদিক শিৰিন আবু আলেখ ৱেষ্ট বেংকত বাতৰি সংগ্রহ কৰিছিল । সেই সময়ত তেওঁ ইজৰাইলৰ সামৰিক অভিযানত গুলিবিদ্ধ হয় । ঘটনাস্থলতেই তেওঁৰ মৃত্যু হয় । তেওঁৰ লগতে গুলিবিদ্ধ হৈছে আন এজন সাংবাদিক ।

ৱেষ্ট বেংকৰ জেনিনত বাতৰি সংগ্রহ কৰিছিল আল-জাজিৰৰ আৰবি সংবাদ চেনেলৰ সাংবাদিক শিৰিন । সেই সময়ত সামৰিক অভিযান চলাইছিল । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্রণালয় সূত্রে খবৰ, বাতৰি সংগ্রহ কৰি থকাৰ সময়তেই হঠাৎ গুলিবিদ্ধ হয় শিৰিন । ঘটনাস্থলতেই তেওঁৰ মৃত্যু হয় । জেৰুজালেমৰ ‘আল-কুদ’ নামে এটা সংবাদপত্রৰ এজন সাংবাদিকো গুলিবিদ্ধ হৈছে । অৱশ্যে সম্প্ৰতি তেওঁ সুস্থ ।

পেলেষ্টানীয় স্বাস্থ্য মন্ত্রণালয়ে দাবী কৰিছে, ইজৰাইলৰ গুলিতেই মৃত্যু হৈছে শিৰিনৰ । অৱশ্যে ইজৰাইলৰ সামৰিক বিভাগে এতিয়াও এই বিষয়ত কোনো প্রতিক্রিয়া দিয়া নাই । সূত্রৰ খবৰ, ইজৰাইলৰ অভ্যন্তৰত একাধিক আক্ৰমণৰ ঘটনাৰ পাছত ৱেষ্ট বেংকত সামৰিক অভিযান অব্যাহত ৰাখিছে ইজৰাইলৰ সেনাই । জেনিন চহৰৰ পৰাই ইজৰাইলত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল বুলি ধাৰণা কৰিছে তেল আভিভে । সেয়ে এই চহৰত তীব্র আক্রমণ চলাইছে তেওঁলোকে । বুধবাৰে সেই আক্ৰমণৰেই বলি হ’ল সাংবাদিক শিৰিন ।

Exit mobile version