China Plane Crash Video : ১২২ জন যাত্ৰীসহ টেক অফৰ পূৰ্বে বিপত্তি, ৰানৱেতে জ্বলি উঠিল বিমান

1041637 tibet airlines crash

ৰানৱেত বিপদ ! দুউদাউকৈ জ্বলি উঠিল বিমান । কথামপি ৰক্ষা পৰিল ১২২ জন লোক । বৃহস্পতিবাৰে পুৱা এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল দক্ষিণ চীনৰ এখন চহৰত।

ADVERTISEMENT

তথ্য অনুসৰি তিব্বত এয়াৰলাইনছৰ এখন বিমান আকাশত উৰা মাৰিবলৈ ৰানৱেত অপেক্ষা কৰি আছিল। উৰণৰ ঠিক আগতে বিমানখন ৰানৱেত পিছলি পৰে। লগে লগে বিমানখনৰ সন্মুখৰ ভাগত জুই লাগে।

চীনা সংবাদ মাধ্যমৰ মতে, বিমানখনত ১১৩ জন যাত্ৰী আৰু ন জন ক্ৰিউ মেম্বাৰ আছিল। তেওঁলোক সকলোকে সুৰক্ষিতভাৱে বাহিৰলৈ অনা হৈছিল। তেওঁলোক ভাগ্য ক্ৰমে ৰক্ষা পৰে।

অৱশ্যে, চাইনা গ্লোবেল টেলিভিছন নেটৱৰ্কে দাবী কৰিছে যে সামান্য আঘাতপ্ৰাপ্ত ৪০ জন লোকক সামান্য চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত বিমানখনৰ সন্মুখভাগ জ্বলি থকা দেখা গৈছে। প্ৰশাসনে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। যাত্ৰীসহ এয়াৰলাইন কৰ্তৃপক্ষ ঘটনাটোত শংকিত হৈ পৰে ।

কি দৰে এনেকুৱা ধৰণৰ ঘটনা ঘটিল তাৰ তদন্ত কৰা হৈছে। দুমাহ আগতে, এক ভয়ংকৰ বিমান দুৰ্ঘটনা দেখিছে চীনে। যিটোৱে সমগ্ৰ দেশৰ অসামৰিক বিমানৰ পৰিবহন ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

Exit mobile version