COVID Deaths : কৰ’নাত প্ৰাণ হেৰুৱাইছে ১০ লাখ লোকে ! কোন দেশত জানেনে ?

download 1 4

কৰ’না ভাইৰাছ (Covid-19) মহামাৰীৰ এক অনাকাঙ্খিত মাইলৰ খুঁটি স্পৰ্শ কৰিছে আমেৰিকাই । ১১ মে’ত, আমেৰিকাত কৰ’নাত মৃত্যু ১০লাখ অতিক্ৰম কৰে। এতিয়ালৈকে, দেশখনত আঠ কোটি ২২ লাখ ৬০ হেজাৰ ৩৪৯ জন ৰোগী চিনাক্ত কৰা হৈছে।

ADVERTISEMENT

কৰ’না ভাইৰাছ মহামাৰীত সৰ্বোচ্চ সংক্ৰমণ আৰু মৃত্যুৰ তালিকাত শীৰ্ষত আছে আমেৰিকা । কমেও দুই লাখ শিশুৱে তেওঁলোকৰ এজন পিতৃ বা মাতৃক হেৰুৱাইছে।

২০২০ চনৰ ১১ মাৰ্চত, বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল যে ক’ভিড-১৯ হৈছে এক বিশ্বব্যাপী মহামাৰী।এই মহামাৰীটোৱে পৰিয়ালবোৰক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে ।

মোটা অংক বেতন পোৱা কৰ্মচাৰীসকলে ঘৰৰ পৰাও কাম কৰাৰ সুযোগ পাইছে। আনহাতে, গ্ৰোচাৰী দোকান, অগ্নি নিৰ্বাপক কেন্দ্ৰ আৰু চিকিৎসালয়ৰ বাধ্যতামূলক কৰ্মচাৰীসকলে প্ৰতিদিনে বাহিৰলৈ যাব লগা হৈছিল, তেওঁলোকেও বিপদাশংকাৰ সন্মুখীন হ’ব লগা হৈছিল।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, এতিয়ালৈকে বিশ্বত ৫১ কোটি ৯১ লাখ ৪৫ হেজাৰ ৫৯২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৬২ লাখ ৮২ হেজাৰ ৩৫৬ জনৰ মৃত্যু হৈছে।

আমেৰিকাৰ পাছত সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে, যি সংক্ৰমণ আৰু মৃত্যুৰ শীৰ্ষত আছে। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা দেশখনত, চাৰি কোটি ৩১ লাখ ১৩ হেজাৰ ৪১৩ জন ৰোগী ধৰা পৰিছে।

মৃত্যু হৈছে পাঁচ লাখ ২৪ হেজাৰ ১৮১ জন, যি বিশ্বৰ তৃতীয় সৰ্বাধিক। সংক্ৰমণৰ ক্ষেত্ৰত ব্ৰাজিল তৃতীয় স্থানত আছে। তাত তিনি কোটি ছয় লাখ ১৭ হেজাৰ ৭৮৬ জন লোক চিনাক্ত কৰা হৈছে । মৃত্যু হৈছে ছয় লাখ ৬৪ হেজাৰ ৫৬৪ জন, যি হৈছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক।

Exit mobile version