Sinus Treatment : ছাইনাছৰ সমস্যাত ভুগিছে নেকি ?

sinus problems what you need to know

প্রৱল মূৰৰ বিষ, সকলো সময়তে নাক-মূৰত ভাৰি ভাব, আনকি বিষৰ ফলত জ্বৰ উঠে — ছাইনাছৰ এই সমস্যাবোৰৰ স’তে আমি অনেকেই পৰিচিত । বতৰ সলনি হ’লেই ছাইনাছৰ সমস্যা আৰম্ভ হয় ।

ছাইনাছ মূৰৰ এনে এটা অংশ, যাৰ কাম নাকৰ ভিতৰেৰে বায়ু চলাচলত সহায় কৰা । কোনো কাৰণত এই ছাইনাছৰ ভিতৰত সংক্রমণ হ’লে বতাহ চলাচল বিঘ্নিত হয় । তেতিয়া তীব্র মূৰৰ বিষ হয় । শ্বাসকষ্টও হ’ব পাৰে কোনো কোনো ক্ষেত্রত ।

এই অসুখ হ’লে নিয়ম মানি কিছু ঔষধ খোৱা প্রয়োজন ঠিকেই । কিন্তু, গোটেই বছৰ কিছুমান ঘৰুৱা উপায় মানি চলিলে এটা এই সমস্যাৰ পৰা ৰক্ষা পাব পাৰি । জানি ল‌ওক কি এই নিয়ম :

১) ছাইনাছৰ সমস্যাৰ সহজ সমাধান অতিৰিক্ত পৰিমাণত পানী খোৱা । অধিক পানী খালে ছাইনাছত জমা মল স্বাভাৱিক প্রক্রিয়াত শৰীৰ পৰা ওলায় যায় । ফলত নাক পৰিষ্কাৰ হয় । বিষ কমে । অধিক তৰল খাদ্য খালেও এই সমস্যা কমে ।

২) ছাইনাছৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ এটা বিশেষ পানীয় তৈয়াৰ কৰি ল’ব পাৰে । এক চামুচ এপল ছিদাৰ ভিনেগাৰ, সামান্য আদা কুটি, নেমু, সামান্য গোলমৰিচ, আধা চামুচ হালধি, তিনি-চাৰি ফুট নহৰুৰ মিশ্রণ একাপ পানীৰ স’তে মিহলি কৰি ল‌ওক । পানীয়টো ঠাণ্ডা কৰি চাহৰ দৰে খাওক । নিয়মিত এই পানীয় খালেও ছাইনাছৰ বিষ কমিব । প্রয়োজন হ’লে ইয়াত মৌ মিহলি কৰি ল’ব পাৰে । ফলত আৰু ভাল ফল পাব পানীয়টোৰ ।

৩) চৰ্দি-কাহৰ সমস্যা কমাবলৈ বহুতেই ভাপ লয় । গৰম পানী পাত্রত ৰাখি, টাৱেলৰে মূৰ ঢাকি সেই পাত্রৰ পৰা ভাপ ল‌ওক । এই গৰম পানীতেই কেইটোপালমান ইউকেলিপ্টাছৰ এছেনচিয়েল অ‌ইল মিহলি কৰি ল’ব পাৰে । তেতিয়াও ছাইনাছৰ বিষ কমিব ।

৪) শোৱাৰ আগত এক দুই টোপাল ইউকেলিপ্টাছ তেল আঙুলিৰে নাকৰ ভিতৰত লগাই ল‌ওক । ফলত আৰাম পাব । শোৱৰ সময়ত এচি চলোৱাৰ অভ্যাস থাকিলে পৰিহাৰ কৰক । প্রয়োজন হ’লে শোৱাৰ কেইঘণ্টামানৰ আগতে এচি চলাই ঘৰ ঠাণ্ডা কৰি তাৰ পাছত ফেন চলাই শোব পাৰে ।

Exit mobile version