South-West Monsoon : এইবাৰ সময়ৰ আগতেই আহিব বৰষা, জনালে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই

1041930 monsoon rainfall

জোৰকৈ বলিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ । বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, নির্ধাৰিত সময়ৰ আগতেই চলিত বৰ্ষত দেশত আহিব বৰষা । অহা ১৫ মে’ৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত দক্ষিণ-পশ্চিম মৌচুমী বতাহ অহাৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

এক বিবৃতি জাৰি কৰি বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, ‘১৫ মে’ৰ ভিতৰত দক্ষিণ আন্দামান সাগৰ আৰু সংলগ্ন দক্ষিণ-পূৱ বংগোপসাগৰ হৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহ দেশত সোমাব পাৰে ।’ চলিত বৰ্ষৰ মার্চৰ আৰম্ভণিৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যত তাপমাত্রাৰ পাৰদ বাঢ়িছে । কোনো কোনো ৰাজ্যত তাপপ্রবাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আর্থ ছায়েন্সেছ-ৰ প্রাক্তন সচিব এম ৰাজীৱন নায়ৰে জনায়, সাধাৰণতে ১৯-২০ মে’ত আন্দামান আৰু নিকোবৰৰ দক্ষিণ-পশ্চিমত মৌচুমী বতাহ সোমায় । চলিত বৰ্ষত প্ৰায় এসপ্তাহ আগতে সোমাইছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ।

Exit mobile version