যুদ্ধৰ মাজতে ইউক্ৰেনত পুনৰ মুকলি ভাৰতীয় দূটাবাস

Russia Tank

যুদ্ধৰ মাজতে,পুনৰ দূতাবাস খোলাৰ পথত ভাৰত । ১৭ মে’ৰ পৰা ৰাজধানী কিয়েভৰ দূতাবাসত আগৰ দৰেই কৰ্মীসকলে কাম কৰিব ।শুক্ৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এইকথা জানিবলৈ দিয়ে ।

বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাইছিল ৰাছিয়াই । ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ নেতৃত্বত ইউক্ৰেইনৰ বাহিনীয়ে প্ৰত্যুত্তৰ দিয়ে । তাৰপাছত ১৩ মাৰ্চত, কিয়েভৰ পৰা দূতাবাসটো অস্থায়ীভাৱে স্থানান্তৰ কৰা হয় পোলেণ্ডৰ ৱাৰ্ছলৈ।

যুদ্ধবিধ্বস্ত দেশৰ পৰা উদ্ধাৰ কৰা হয় হেজাৰ হেজাৰ ভাৰতীয় শিক্ষাৰ্থীক ।এই উদ্ধাৰকাৰ্যক নতুন দিল্লীসমৰ্থন কৰিছিল কিয়েভ আৰু মস্কোয়ে । দুয়োখন দেশক যুদ্ধ বন্ধ কৰি আলোচনাৰ পথলৈ উভতি আহিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এনে পৰিস্থিতিত, কিয়েভত ভাৰতৰ দূতাবাস মুকলি কৰাৰ অৰ্থ হৈছে যে পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হৈ পৰিছে বুলি অনুমান কৰে বিশ্লেষকসকলে।

ইউক্ৰেনে বাৰে বাৰে ৰাছিয়াৰ স’তে যুদ্ধ বন্ধ কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, এই দাবী ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্ৰা কুলেবাইৰ ।

Exit mobile version