ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন – ২০১৩ ৰেচন কাৰ্ডৰ হিতাধীকাৰীসকলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Prabhatkhabar 2021 02 d9f4a1d9 1080 4055 825e fbe9ea431039 Rashan card

কামৰূপ মহানগৰ জিলা প্রশাসনৰ নির্দেশ দিয়া অনুসৰি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অন্তৰ্গত ৰেচন কাৰ্ডৰ হিতাধীকাৰী সকললৈ গুৰুত্বপূৰ্ণ জাননী ।

যিসকল ৰেচন কাৰ্ডৰ হিতাধীকাৰীয়ে জিলা প্রশাসনে বাৰম্বাৰ আহ্বান জনােৱাৰ পাছতো তেখেত সকলৰ পৰিয়ালৰ সদস্যৰ আধাৰ কার্ড সমূহ ৰেচন কাৰ্ডৰ লগত সংলগ্ন কৰাৰ বাবে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানী নতুবা কামৰূপ জিলাৰ খাদ্য,অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত দাখিল কৰা নাই,তেখেত সকলক অহা ১৫ মে’ ২০২২ ৰ ভিতৰত তেওঁলােকৰ পৰিয়ালৰ সকলাে সদস্যৰ আধাৰ নম্বৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ হাতত জমা দিবলৈ নির্দেশ দিয়া হয়।

যিসকল সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সাধাৰণ নাগৰিকক নিশ্চিত খাদ্য শস্যৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে জাৰি কৰা এই জাননীৰ কাৰ্যকৰীকৰণত সহযােগ নকৰে তেওঁলােকক অসাধু ব্যৱসায়ৰ লগত জড়িত বুলি বিবেচনা কৰা হ’ব আৰু তেওঁলােকৰ দোকানৰ লগত সংলগ্ন থকা আধাৰ নিদিয়া হিতাধিকাৰী সকলৰ নাম (RC holder) RCMS তালিকৰা পৰা বাতিল হ’ব।

Exit mobile version