অৱসাদৰ পৰা মুক্তি পাবলৈ নিয়মীয়াকৈ মাছ খাওক

GettyImages 1144287329 header 1024x575 1

আধুনিক জীৱন-যাপনত অৱসাদত আক্রান্ত লােকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আনকি কম বয়সীয়া ল’ৰা-ছােৱালীয়ে অৱসাদৰ চিকাৰ হােৱা বিষয়টো সকলােৰে বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

যিসকল লােক অৱসাদত ভুগিছে তেওঁলােকে যদি নিয়মীয়াকৈ মাছৰ তেল খায় তেতিয়াহ’লে অৱসাদৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে। বহু লােকে মানসিক অৱসাদত ভুগি আত্মহত্যা কৰে।

নিয়মীয়াকৈ মাছৰ তেল খালে সহজতে এনেধৰণৰ প্রৱণতাই গা কৰি উঠিব নােৱাৰে। ইংলণ্ডৰ বিভিন্ন কাৰাগাৰত থকা কয়দীৰ ওপৰত এই অধ্যয়ন চলাইছে গৱেষকসকলে। আত্মহত্যাৰ বাবে চেষ্টা কৰা এশগৰাকী কয়দীৰ ওপৰত এই গৱেষণা চলােৱা হয়।

এইসকল কয়দীৰ তেজৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰাত ইক’চাপেণ্টানয়িক এচিডৰ পৰিমাণ তুলনামূলকভাবে কম। এইসকলৰ ভিতৰত আকৌ যিসকলে হত্যাকাণ্ডৰ স’তে জড়িত হৈছে তেওঁলােকৰ শৰীৰত ওমেগা-৩ নামৰ ফেটী এচিডবিধৰ পৰ্মািণ কম।

আনহাতে,সিসকলে হিংসাৰ পথ গ্রহণ নকৰাকৈ অপৰাধ সংঘটিত কৰিছে তেওঁলােকৰ শৰীৰত তুলনামূলকভাৱে জঘন্য অপৰাধৰ স’তে জড়িত সকলতকৈ এইবিধ ফেটী এচিডৰ পৰিমাণ বেছি। মেলব’র্ণৰ অৰেন ৰিছাৰ্চ চেণ্টাৰৰ গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে ওমেগা-৩ যুক্ত মাছ নিয়মীয়াকৈ খালে স্কিজোফ্রেনিয়াত আক্রান্ত হােৱাত সময়ৰ ব্যৱধান বৃদ্ধি পায়।

আনহাতে, ফ’বিয়া বা আতংকত ভােগা সমস্যা প্রতিৰােধৰ ক্ষেত্ৰতাে ইয়াৰ ভূমিকা মনকৰিবলগীয়া। অধ্যয়নৰ সময়ত গৱেষকসকলে ১৩ৰ পৰা ২৪ বছৰৰ ভিতৰত ৮১ গৰাকী ল’ৰা-ছােৱালীক অন্তর্ভুক্ত কৰে। এই সময়ত ৮১ গৰাকী ল’ৰা-ছােৱালীৰ ভিতৰত মাত্র তিনিগৰাকীহে স্কিজোফ্রেনিয়াত আক্রান্ত হােৱা দেখা যায়।

আনহাতে, ইংলণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ মেলকল পীটে এইবুলি মন্তব্য আগবঢ়াইছে যে অধ্যয়নৰ কালত মানসিকভাৱে বিকাৰগ্ৰস্তসকলৰ ভালেখিনি উন্নত হােৱা পৰিলক্ষিত হয়। এইসকল ৰােগীক প্রথমতে এন্টি ছাইকোটিক ঔষধ সেৱন কৰিবলৈ দিয়া হৈছিল যদিও কোনাে বিশেষ ফল পােৱা নাছিল।

কিন্তু যেতিয়া নিয়মীয়াকৈ মাছৰ তেল যােগান ধৰা হয় তেতিয়া তেওঁলােকৰ মানসিক অৱস্থাৰ ভালেখিনি পৰিৱৰ্তন হ’বলৈ ধৰিলে। সেইবাবে মানসিক অৱসাদৰ পৰা পৰিত্ৰাণ পাবলৈ সকলােৱে নিয়মীয়াকৈ মাছ খােৱা উচিত।

Exit mobile version