এইবাৰ স্নাতক পাঠ্যক্ৰমত বেদ ! ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আওতাত বৈদিক ব’র্ড গঠনত উদ্যোগী কেন্দ্র

maxresdefault 2

কে’বাদিনো ধৰি বিৰোধীসকলে অভিযোগ কৰি আহিছে, পাঠ্যক্ৰম সলনি কৰি শিক্ষাৰ গোলকীকৰণ আৰম্ভ কৰিছে মোদী চৰকাৰে । এইবাৰ বৈদিক শিক্ষাৰ প্রচাৰ আৰু প্রসাৰত উদ্যোগী কেন্দ্র । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আওতাতেই এই উদ্যোগ । ইয়াৰ বাবে বেদ-ভিত্তিক শিক্ষা ব’র্ড (Veda-based Education Board) গঠন কৰিব শিক্ষা মন্ত্রণালয়ে ।

তথ্য অনুসৰি, অন্য ব’র্ডবোৰৰ দৰেই কাম কৰিব এই বৈদিক ব’র্ডে । নতুন ব’র্ড গঠন প্রক্রিয়াৰ দায়িত্বত থাকিব সংস্কৃত ভাষা বিশেষজ্ঞ আৰু বৈদিক গণিতজ্ঞ । উল্লেখ্য, বর্তমান কোনো স্বীকৃত ব’র্ডৰ পাঠক্রমত বৈদিক শিক্ষাগ্ৰহণৰ সুযোগ নাই । মন্ত্রণালয়ে ইচ্ছুকসকলক বৈদিক শিক্ষাৰ সুযোগ দিব বিচাৰিছে । য’ত পোৱা যাব অন্য ব’র্ডবোৰৰ দৰে ডিগ্রী । সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আওতাত ভাৰতৰ ঐতিহ্যমণ্ডিত বৈদিক ব্যৱস্থাক আধুনিক শিক্ষা ব্যৱস্থাৰ স’তে সংযুক্ত কৰিব বিচাৰে কেন্দ্র‌ই । অন্যতম উদ্দেশ্য, আধুনিক সমাজত বেদ পাঠৰ প্রাসংগিকতা বজায় ৰখা ।

বর্তমান মহাঋষী সন্দীপনী প্রতিষ্ঠানে (Maharishi Sandipani Pratishthan) ছয় হেজাৰ শিক্ষার্থীক বৈদিক শিক্ষা দিয়ে । ব’র্ড গঠন কৰি এই শিক্ষার্থীৰ সংখ্যা বঢ়াব বিচাৰিছে কেন্দ্র‌ই । এই বিষয়ত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে (Dharmendra Pradhan) কয়, “বর্তমান যুগত বেদ পাঠ প্রাসংগিক কৰি তুলিবলৈ বৈদিক শিক্ষা ব’র্ড গঠন কৰিব মন্ত্রণালয়ে । বেদ ভাৰতৰ সংস্কৃতিৰ ভিত্তি ।”

কেন্দ্র‌ই সিদ্ধান্ত লৈছে, সম্প্ৰতি পাঁচটা বেদ বিদ্যাপীঠ গঢ়ি তোলা হ’ব । যাৰ নেতৃত্ব দিব মহাঋষী সন্দীপনী প্রতিষ্ঠানে । বিদ্যাপীঠবোৰ গঢ়ি তোলা হ’ব চাৰ ধাম আৰু কামাক্ষা দেৱী মন্দিৰত । বেদ বিশেষজ্ঞ বেদ শংকৰলাল চতুর্বেদীয়ে কয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত বেদ শিক্ষাই ভাৰতৰ ঐতিহ্যগত জ্ঞানক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে । বেদ শিক্ষা কোনো ধর্মীয় বিষয় নহয়, বৰঞ্চ ইয়াত আছে উন্নত জীৱন যাপনৰ জ্ঞান আৰু বিজ্ঞান ।

প্রসংগত, কিছুদিন আগতেই ‘মন কি বাত’ অনুষ্ঠানত বৈদিক শিক্ষাৰ প্রসংগ দাঙি ধৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । তেওঁ দাবী কৰে, বৈদিক গণিত শিকিলে শিশুসকলৰ অংকক লৈ ভয় নোহোৱা হ’ব । কয়, বৈদিক গণিত জানিলে বৃহৎ বৈজ্ঞানিক সমস্যাও সমাধান কৰা সম্ভৱ ।

Exit mobile version