বেংকৰ পৰা ধন উলিওৱা বা জমা কৰাৰ ক্ষেত্ৰত নতুন প্রতিবন্ধকতা, আয়কৰ আইনৰ পৰিৱর্তন

BankReuters 620x400 1

বেংকৰ পৰা স্বেচ্ছাই ধন উলিওৱা বা জমা কৰাৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলাে কৰদাতাই সময়মতে কৰ আদায় দিছে নে নাই সেয়া নিৰীক্ষণৰ বাবে বিগত সময়ছােৱাত চিবিডিটিয়ে কে’বাটাও নিয়ম প্রৱর্তন কৰিছিল।

ADVERTISEMENT

এইবাৰ পুনৰ তেনে এক নতুন নিয়ম জাৰি কৰিছে চেট্লেব’র্ড অৱ ডাইৰেক্ট টেক্সেছ চমুকৈ চিবিডিটিয়ে। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা এজন ব্যক্তিয়ে গােটেই বছৰটোত তেওঁৰ সকলাে একাউণ্টত ২০ লাখ টকা জমা কৰিব বিচাৰিলে পেন দাখিল কৰাটো বাধ্যতামূলক হ’ব।

একেদৰে ধন উলিওৱাৰ ক্ষেত্ৰতাে পেনৰ কথা উল্লেখ কৰাটো প্রয়ােজনীয় হ’ব। কেন্দ্রীয় প্রত্যক্ষ কৰ পৰিষদে চলিত মাহৰ পৰা সকলাে বেংককে এই নতুন নিয়ম কার্যকৰী কৰিবলৈ নির্দেশ দিছে। বিভিন্ন বেংকে লাভ কৰা নির্দেশনা মতে অহা ২৬ মে’ৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।

উল্লেখ্য যে ইমানদিনে বেংক একাউণ্টত দুই লাখ বা তাতােকৈ অধিক টকা জমা কৰা বা উলিওৱাৰ ক্ষেত্ৰতহে পান বাধ্যতামূলক আছিল । দুই লাখ টকাৰ তলৰ লেনদেনৰ ক্ষেত্ৰত কোনাে কঠোৰ নিয়ম নাছিল। ফলস্বৰূপে বহু গ্রাহকে বাৰে বাৰে সৰু সৰু লেনদেন কৰিছিল।

মনকৰিবলগীয়া, কেৱল চৰকাৰী নহয়, ব্যক্তিগত আৰু সমবায় বেংকৰ লগতে ডাকঘৰৰ ক্ষেত্ৰতাে এই নিয়ম প্রযােজ্য হ’ব।

Exit mobile version