বৰতাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ

গভীৰ সংকটত ৰাজ্যিক ঘাইপথ-দলং-নৈপৰীয়া পৰিয়াল

জনীয়া সমষ্টিৰ অন্তৰ্গত বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ২০২১-২২ বৰ্ষৰ এছঅ’পিডি আচঁনিৰ জৰিয়তে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নিজ গাঁও বৰতাৰীৰ মানাহ নদীৰ ভয়াৱহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তিনি কোটি ৩১ লাখ ৯২ হেজাৰ টকা আবন্টন দিয়ে । কিন্তু ঠিকাদাৰ অখিল ৰয়ে গৰাখহনীয়া প্ৰতিৰোধৰ নামত কেইটামান খুঁটা পুতি সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে ।

সমাগত বানপানীৰ সময়ত জনীয়াৰ পৰা উত্তৰ শালমাৰা লৈ যোৱা ২ নং ৰাজ্যিক ঘাইপথৰ লগতে মানাহ নদীৰ ওপৰত থকা দলঙৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব সেয়াও নিশ্চিত হৈ পৰিছে । যাৰ বাবে অসম চৰকাৰ, বৰপেটা জিলা উপায়ুক্ত আৰু বিভাগীয় কৰ্তৃপক্ষক কামটোৰ তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি শ শ পৰিয়ালক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

Exit mobile version