High Blood Pressure : উচ্চ ৰক্তচাপৰ পাঁচ লক্ষণ : দেখিও উপেক্ষা কৰে অধিকাংশ‌ই

importanceBP 1030235618 770x553 1

বিজ্ঞানৰ ভাষাত উচ্চ ৰক্তচাপৰ সমস্যাক ‘হাইপাৰটেনছন’ কোৱা হয় । পৰিসংখ্যা‌ অনুযায়ী, বিশ্বত ১১৩ কোটি লোক উচ্চ ৰক্তচাপৰ বলি । কিন্তু প্রতি পাঁচজনৰ মাত্র এজনে এই ৰোগ নিয়ন্ত্রণত ৰাখিবৰ বাবে কোনও সদর্থক ব্যৱস্থা লয় । বিশেষজ্ঞৰ মতে, উচ্চ ৰক্তচাপৰ কিছুমান লক্ষণ চকুৰ আগত থাকিলেও তাক অৱহেলা কৰে বহু লোকে ।

১। নাকৰ পৰা তেজ ওলোৱা : ছাইনুছাইটিছৰ দৰে ৰোগৰ বাবেও নাকৰ পৰা ৰক্তপাত হ’ব পাৰে, সেয়ে অনেকেই অৱহেলা কৰে এই উপসর্গটোক । বিশেষজ্ঞসকলে কিন্তু কয়, উচ্চ ৰক্তচাপৰ ফলতো নাকৰ পৰা তেজ ওলাব পাৰে ।

২। মূৰৰ বিষ : বারৰে বাৰে মূৰৰ বিষ হোৱা উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে । বিশেষকৈ মূৰৰ পাছফালে বিষ হ’লে অবিলম্বে চিকিৎসকৰ পৰামর্শ লোৱা প্ৰয়োজন ।

৩। ক্লান্তি : অলপতেই ক্লান্ত লগা উচ্চ ৰক্তচাপৰ অন্যতম উপসর্গ । উচ্চ ৰক্তচাপত আক্রান্ত লোকে নিত্য সাধাৰণ কামৰ ক্ষেত্রতো ক্লান্ত অনুভৱ কৰে । লগতে উচ্চ ৰক্তচাপৰ বাবে উশাহ চুটি হোৱাৰ দৰে অনুভৱ হোৱা অস্বাভাৱিক নহয় ।

৪। চকুৰে অস্পষ্ট দেখা : দৃষ্টি অস্পষ্ট হোৱা, চকুৰ সন্মুখত ক’লা বিন্দু দেখা পোৱা, হঠাৎ সম্পূর্ণ বা আংশিকভাৱে দৃষ্টিশক্তি লোপ পোৱা উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে ।

৫। বুকু বিষ : উচ্চ ৰক্তচাপ হৃদ্‌যন্ত্রৰ সমস্যাৰ কাৰণ হ’ব পাৰে । উচ্চ ৰক্তচাপৰ সমস্যা উপেক্ষা কৰিলে বুকুত বিষ হোৱা অস্বাভাৱিক নহয় । এই ধৰণৰ উপসর্গ দেখা দিলে অবিলম্বে চিকিৎসকৰ পৰামর্শ লোৱা আৱশ্যক ।

Exit mobile version