Tripura CM : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মানিক সাহাই, অনুষ্ঠানত উপস্থিত বিপ্লব দেৱ

375628 3930

নাটকীয়ভাৱে কালি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে বিপ্লৱ দেৱে । তাৰ পাছতে বিয়লি দলটোৱে ৰাজ্যিক বিজেপিৰ সভাপতি মানিক সাহাৰ নাম নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

মানিক সাহাই দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ৰাজভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱাই ৰাজ্যপাল এছ এন আৰ্যই ।

দেওবাৰে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱো ।

কালি হঠাৎ পদত্যাগ কৰে বিপ্লৱ কুমাৰ দেৱে । বিদানসভা নিৰ্বাচনৰ মাত্ৰ এবছৰ আগতে তেওঁৰ পদত্যাগে ৰাজনৈতিক চক্ৰসমূহক আচৰিত কৰি তোলে। পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? আৰু কালি বিয়লিয়ে ঘোষণা কৰা হয় ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।

আজি শপত গ্ৰহণ কৰাৰ পাছত মানিক সাহাই কয়, “মই ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিম। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনাক আগুৱাই নিম।বিশেষ গুৰুত্ব থাকিব ৰাজ্যখনৰ আইন শৃংখলাৰ ওপৰত ।”

সন্মুখত বিধানসভা নিৰ্বাচন । এনে ধৰণৰ দলসলনিত দলটোৱে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহ’বনে ? মানিক সাহাই ক’লে, একেবাৰে নহয়।

Exit mobile version