Russia Ukraine War : ‘অন্ত চামেই’, অলিম্পিকত সোণজয়ী শ্ব্যুটাৰে যোগ দিলে ইউক্রেইন বাহিনীত

1652682697 1

২৭ ফেব্রুৱাৰীত ছুইজাৰলেণ্ড, তাৰ পাছত ইটালীত প্রতিযোগিতাৰ প্রস্তুতি চলাইছিল ২২ বছৰীয়া ইউক্রেইনীয় শ্ব্যুটাৰ ক্রিষ্টিনা দিমিত্রেংকোৱে । ২৪ ফেব্রুৱাৰীত তেওঁৰ দেশত আক্ৰমণ কৰে ৰুছ সেনাই । এটা মুহূৰ্ততে সলনি হৈ গ’ল তেওঁৰ খেলুৱৈ জীৱন । প্রতিদিনে দেশৰ ইখনৰ পাছত সিখন স্থানত ৰুছ সেনাৰ ধ্বংসলীলাৰ খবৰ । আৰু বহি থাকিব নোৱাৰিলে । বন্দুক তুলি ল’লে দেশ ৰক্ষা কৰিবলৈ । ক্রিষ্টিনাই যোগ দিলে ইউক্রেইন সেনাবাহিনীত ।

অলিম্পিকত তেওঁ সোণ জয় কৰিছে । ২০১৬ত যুৱ অলিম্পিক গেমছত সোণজয়ী ক্রিষ্টিনাই এইবাৰ নাম অন্তৰ্ভুক্ত কৰিলে দেশৰ সেনাবাহিনীত । মাতৃভূমি ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দক্ষতাক কামত লগাব বিচাৰে ।

বয়স মাত্র ২২ বছৰ । স্বপ্ন আকাশ স্পৰ্শ কৰা । ফেব্রুৱাৰীত কার্পাথিয়ান পর্বতমালাত কেম্প কৰি নিজৰ শ্ব্যুটিং অনুশীলনত ব্যস্ত আছিল যুৱ ক্রিষ্টিনা । খবৰ আহিল, তেওঁৰ দেশ আক্রমণ কৰিছে পুটিন-বাহিনীয়ে । কিছু দিনৰ ভিতৰতেই সলনি হৈ গ’ল লক্ষ্য । অস্ত্র একেই থাকিল, কিন্তু সলনি হ’ল যুদ্ধক্ষেত্র ।

কিয়েভ আৰু ছেৰনোহিভত ৰুছ বাহিনীৰ আক্রমণৰ ছবি দেখি স্থিৰ থাকিব নোৱাৰিলে ক্রিষ্টিনা । সিদ্ধান্ত লয় যোগ দিব সেনাবাহিনীত । লগালগ যোগাযোগ কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰীয় সেনাবাহিনীৰ স’তে । কে’বা মাহৰ প্রশিক্ষণৰ অন্তত শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধক্ষেত্রত নামিবলৈ প্ৰস্তুত । জনালে নিজেই ।

দেশৰ সংবাদমাধ্যমক ক্রিষ্টিনাই জনায়, ফলাফল যিয়ে নহ‌ওক, ইয়াৰ অন্ত চামেই । কোনো কাৰণতেই পিছুৱাই নাহো ।

কিন্তু সঁচাকৈ এইবোৰ বিচাৰিছিল নে ? ক্রিষ্টিনাই নিজে জনাইছে, কেতিয়াও ভবা নাছিলো শত্রুপক্ষক ৰোধ কৰিবলৈ নিজৰ দক্ষতাক এনেদৰে ব্যৱহাৰ কৰিব লাগিব । তেওঁ লক্ষ্যভেদ কৰি এটাৰ পাছত এটা পদক আনি দেশৰ নাম উজ্জ্বল কৰিব বিচাৰিছিল । কিন্তু পৰিস্থিতিয়ে মানুহক সলনি কৰি দিয়ে । সলনি হৈ যায় সিদ্ধান্ত । সেয়ে তেওঁ এতিয়া সেনাবাহিনীত ।

ক্রিষ্টিনাই কয়, ‘‘ম‌ই কেতিয়াও ভবা নাছিলো এনেকুৱা হ’ব । হাতত অস্ত্র লৈ ম‌ই যুদ্ধক্ষেত্রত নামিব লাগিব । কিন্তু কি কৰিম আৰু । দেশৰ এই সংকটৰ সময়ততো ঘৰত বহি থাকিব নোৱাৰো ।’’

কিন্তু যুদ্ধক্ষেত্রতো তেওঁ জয়ী হ’ব, নিশ্চিত ক্রিষ্টিনা । অলিম্পিকত সোণ-জয়ীয়ে কয়, ‘‘কোনো শত্রুকেই কেতিয়াও ভয় খোৱা নাই । নাখাৱোঁ ।’’

ৰুছ বাহিনীক উদ্দেশ্যি ক্রিষ্টিনাৰ সকীয়নি, ‘‘মোৰ লক্ষ্য কেতিয়াও ভুল নহয় । এনেদৰে গুলি এৰিম যে, আক্রমণকাৰীয়ে প্ৰত্যুত্তৰৰ সুযোগেই নাপাব ।’’

কোন ধৰণৰ অস্ত্রত অধিক তেওঁ পাৰ্গত ? ক্রিষ্টিনাই জনায়, মেচিনগান হ‌ওক বা ৰাইফল, সকলোতেই তেওঁ সমান পাৰদর্শী ।

ক্রিষ্টিনাই কয়, ‘‘মোৰ হাতত যিয়ে অস্ত্র নাথাকক কিয়, সামৰিক বাহিনী হ‌ওক বা অস্ত্র প্রতিযোগিতা, য’তেই নাথাকো কিয়, ম‌ই অন্ত চামেই ।’’

ইউক্রেইনৰ যুৱ তাৰকা শ্ব্যুটাৰৰ মন্তব্য, ‘‘অৱশ্যেই আমাৰ জয় হ’ব । ম‌ই এইটো মনৰ পৰা বিশ্বাস কৰো ।’’

সম্প্ৰতি খাৰকিভৰ পৰা ৰুছ বাহিনীক হঠাৎ মৰনপণ যুঁজ চলাইছে ইউক্রেইনে ।

ইউক্রেইন ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে জনাইছে, ডনবাসত পৰিস্থিতি ক্রমশ বেয়া হৈছে । ইয়াৰ উপৰি দেশৰ অন্যত্রও প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে ৰুছ বাহিনীয়ে ।

Exit mobile version